অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি...

মুখ্য অতিথি হিচাপে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰ সঞ্চালক এলিজাবেথ ফৰে অংশ গ্ৰহণ
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি...
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আজি বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় কৰ্মকৰ্তাৰ উপস্থিতিত নগাওঁ জিলাৰ নিজ কঠিয়াতলী গাঁও পঞ্চায়তত এটি জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি আৰু পথাৰ পৰিদৰ্শন কাৰ্যসূচী সম্পন্ন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ 'ENACT- ASSAM(Enhancing Climate Adaptation of Vulnerable Communities through Nature-based Solutions and Gender-Transformative Approaches in Assam) প্ৰকল্পৰ অধীনত নগাঁও জিলাৰ কঠিয়াতলি উন্নয়ন খণ্ডৰ নিজ- কঠিয়াতলি গাঁও পঞ্চায়তত এই জলবায়ু অভিযোজন তথ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়।

ইয়াৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় য'ত মুখ্য অতিথি হিচাপে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰ সঞ্চালক এলিজাবেথ ফৰে অংশ গ্ৰহণ কৰি ভাৰত বৰ্ষৰ সকলো জনসাধাৰণে যাতে পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে সেই বিষয়ে আলোকপাত কৰে। বিশ্ব খাদ্য কাৰ্যসূচীৰ জলবায়ু পৰিবৰ্তন আৰু স্থিতি স্থাপকতাৰ মুখ্য বিষয়া তথা ডি আৰ আৰ প্ৰদেন্যা পেইথানকাৰ উপস্থিত থাকে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাত বিশিষ্ট অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্চয় কুমাৰ চেতিয়া, কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ড০ নিৰঞ্জন ডেকা, নগাঁৱৰ যুটীয়া কৃষি সঞ্চালক ভৱজিৎ দলে, খণ্ড উন্নয়ন‌ বিষয়া স্বেতা শৰ্মা, মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনিৰ প্রধান বিজ্ঞানী ড০ পবিত্র কুমাৰ বৰদলৈ, বেচৰকাৰী সংস্থা আৰণ্যক আৰু শ্ৰেষ্ঠাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।

২০০ জন‌ লোকৰ উপস্থিতিৰে অনুষ্ঠিত সভাত কৃষক বন্ধু, আই মাতৃৰ লগতে প্ৰকল্পটোৰ যুটীয়া প্ৰধান অনুসন্ধানকাৰী বিজ্ঞানী ড০ পৰিন্দা বৰুৱা ,ড০ বিনোদ কলিতাৰ লগতে সহ- প্ৰধান অনুসন্ধানকাৰী বিজ্ঞানী ড০ নৱজ্যোতি ডেকা, ড০ মিলন জ্যোতি কোঁৱৰ, বিদিশা বৰা, ড০ অৰুণীমা গগৈ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি এলিজাবেথে সভাত বিশ্ব খাদ্য কাৰ্যসূচী নতুন দিল্লীৰ বিষয়া পেইথানকাৰে প্ৰকল্পৰ বিষয়ে বাখ্যা কৰে।

ড০ গীতাশ্ৰী গোস্বামীয়ে আঁত ধৰা সভাত কৃষক ৰাইজৰ সুবিধাৰ্থে হেল্প লাইন আৰু ভইচ এছ এম এছ সেৱা মুকলি কৰা হয়। সভাৰ শেষত ড০ বিনোদ কলিতাই সকলোকে শলাগৰ শৰাই জ্ঞাপন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্ব খাদ্য কাৰ্যসূচীৰ কৰ্মকৰ্তা সকল, ENACT-ASSAM-অসম কৃষি বিশ্ববিদ্যালয় বিজ্ঞানী, নগাঁও জিলা কৃষি বিষয়া সহযোগত কঠিয়াতলি উন্নয়নৰ খণ্ডৰ পানীগাওঁ পুটনিমুখ গাৱঁত উন্নত বীজ উৎপাদন হোৱা পথাৰ পৰিদৰ্শন কৰে আৰু কৃষকৰাইজৰ লগত মত বিনিময় কৰে।

এই অনুষ্ঠানত ENACT-ASSAM অসম কৃষি বিশ্ব বিদ্যালয়ৰ তিনিটা উন্নয়ন খণ্ডৰ সহকাৰী প্ৰকল্প বিজ্ঞানী শিল্পী দেৱী বৰা, অন্তৰা শইকীয়া, অংশুমান ডেকাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি...
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in