কেন্দ্ৰীয় কাৰাগাৰ নগাঁৱৰ কয়দীৰ বাবে কম্পিউটাৰ আৰু সৌন্দৰ্য চৰ্চা প্ৰশিক্ষণ শিবিৰ মুকলি

কেন্দ্ৰীয় কাৰাগাৰ নগাঁৱৰ কয়দীৰ বাবে কম্পিউটাৰ আৰু সৌন্দৰ্য চৰ্চা প্ৰশিক্ষণ শিবিৰ মুকলি
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে গ্ৰহণ কৰিছে উল্লেখনীয় পদক্ষেপ। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কয়দীসকলৰ বাবে ২০ দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।

কয়দীসকলে বন্দিত্ব জীৱনৰ পৰা মুক্তি পোৱাৰ পিছত যাতে আত্মনিৰ্ভৰশীল হৈ জীৱননিৰ্বাহ কৰিবলৈ সক্ষম হ'ব পাৰে; সেই মহান উদ্দেশ্য আগত ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বুধবাৰৰ পৰা ২০ দিনীয়াকৈ মহিলাৰ এক সৌন্দৰ্য চৰ্চা আৰু পুৰুষৰ কম্পিউটাৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। বুধবাৰে পুৱা ৯:৪৫ বজাত প্ৰশিক্ষণ শিবিৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁৱৰ জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ অধ্যক্ষ ৰক্তিম দুৱৰাই ৷

বন্তি প্ৰজ্বালনৰে প্ৰশিক্ষণ শিবিৰটি মুকলি কৰি উপস্থিত প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয় যে, কাৰাগাৰৰ কয়দী সকলৰ বাবে আজিৰ এই দিনটো এক উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈ ৰ’ব। এই বিশেষ প্ৰশিক্ষণ প্ৰাপ্তিৰ ফলত কাৰাগাৰৰ কয়দী সকলে বন্দীত্বৰ জীৱনৰ পৰা মুক্ত হোৱাৰ পাছত তেওঁ লোকে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। লগতে আন বহু যুৱতীসকলক আত্মনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰেৰণা যোগাব পাৰিব ৷

আনহাতে, কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদানৰ পাছতো পুৰুষ কয়দীসকল আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ উপাৰ্জনৰ পথো মুকলি হ'ব ৷ প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনৱ শৰ্মা উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা প্ৰতিজন কয়দী পুৰুষ মহিলা কয়দীক অনাগত দিনত এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ প্ৰশিক্ষণৰ সময়ত সকলো খুটিনাটি মাৰি প্ৰশিক্ষণটি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক মনিকা মিছঙে প্ৰশিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণৰ জৰিয়তে উপাৰ্জন মুখি হোৱাৰ লগতে নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো কিছু পৰিমাণে লাঘব হ'ব বুলি মতপোষণ কৰে ৷ ইফালে অনুষ্ঠানৰ আঁত ধৰে আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা দ্বীপেন শইকীয়াই।

প্ৰশিক্ষণ শিবিৰটিত নগাঁৱৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ নং৩ কুমুদ চন্দ্ৰ বড়ো,চিভিল জজ চিনিয়ৰ ডিভিজন চিন্ময় বৰুৱা,অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ সন্দীপ কৌশিক,মহকুমা ন্যায়িক দণ্ডাধীশ (সদৰ) প্ৰাৰ্থনা নেওঁগ,প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ প্ৰিয়াংকু খাটনিয়াৰ,কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষক অৰূপ পটংগীয়া, অধীক্ষক প্ৰবীণ কুমাৰ হাজৰিকাকে প্ৰমুখ্য কৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পুৰুষ-মহিলাসকলৰ পৃথকীত গৃহত প্ৰতিদিনে পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই ২০ দিনীয়া সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰিব পাহি শইকীয়া আৰু কম্পিউটাৰৰ প্ৰশিক্ষণ প্ৰদান কৰিব ৰাজজ্যোতি শইকীয়া আৰু তুষাৰ শৰ্মাই ।

কেন্দ্ৰীয় কাৰাগাৰ নগাঁৱৰ কয়দীৰ বাবে কম্পিউটাৰ আৰু সৌন্দৰ্য চৰ্চা প্ৰশিক্ষণ শিবিৰ মুকলি
উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নাৰীৰ সৰ্বাংগীন বিকাশ অপৰিহাৰ্য : অজন্তা নেওগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in