ডিজিটেল সংবাদ নগাওঁ: সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ নৱাগত আদৰণি সভা। পতাকা উত্তোলনেৰে অধ্যক্ষ ড০ মৃনাল জ্যোতি বেজবৰুৱায়ে আৰম্ভণি কৰা নৱাগত আদৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।
'আমাৰ ভাল হ'ব' এটি গীতৰ কথাৰে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'বলৈ দি, নম্বৰৰ পিছত দৌৰি জীৱন নষ্ট নকৰিবলৈ ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ আগবঢ়ায় মহন্তয়ে। লগতে তেওঁ আৰক্ষী সঞ্চালক প্ৰধান হৈ থকা সময়ত নগাঁও জিলাৰ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ড্ৰাগছ সেৱন কৰাৰ তথ্য লাভ কৰাৰ কথা সোঁৱৰি সেইসকল ছাত্ৰ-ছাত্ৰীক অভিভাৱকৰ সহযোগত নিচামুক্ত কেন্দ্ৰত লৈ যোৱাৰ কথা ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।
আজিৰ প্ৰজন্ময়ে সফলতাৰ কাৰণে ছৰ্টকাট পথৰ অৱলম্বন কৰে। সুখ এনেয়ে নাহে টকা পইচাৰে সুখ নাহে। লগতে সুখ কেতিয়াও 'কমফ'ৰ্ট'ৰ পৰা নাহে বুলি নিজৰ সাৰুৱা ভাষণত সাহিত্য অকাডেমি বঁটা প্ৰাপক তথা সু- সাহিত্যক অনুৰাধা শৰ্মা বৰপূজাৰীয়ে কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কয়।
অনুষ্ঠানত কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ ক'লা, বিজ্ঞান আৰু বাণিজ্য শাখাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক বঁটা বিতৰণ কৰা লগতে পদাৰ্থ বিজ্ঞানৰ শিক্ষক শংকৰ জ্যোতি বৰুৱাক শ্ৰেষ্ঠ শিক্ষকৰ সন্মান জনায়।
Also Read: মৰনৈ পঞ্চায়তক অৱনৰী জিলা পৰিষদত অন্তৰ্ভুক্তিকলৈ প্ৰতিবাদ ৰাইজৰ...