বহিৰাগত বণিয়াৰ নিৰ্দেশত প্ৰাক্তন ছাত্ৰনেতাৰ গুণ্ডাৰাজৰ অভিযোগ

বহিৰাগত বণিয়াৰ নিৰ্দেশত প্ৰাক্তন ছাত্ৰনেতাৰ গুণ্ডাৰাজৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
বহিৰাগত বণিয়াৰ নিৰ্দেশত প্ৰাক্তন ছাত্ৰনেতাৰ গুণ্ডাৰাজৰ অভিযোগ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁও অঞ্চলৰ খুটিকটীয়াত অৱস্থিত এ টি ৰোডৰ কাষৰ এডোখৰ ভূমিৰ হক আৰু দখলী স্বত্বকলৈ এগৰাকী থলুৱা মহিলা আৰু এক বহিৰাগত বণিক গোষ্ঠীৰ মাজত হোৱা সংঘাতে চৰম পৰ্যায়ত উপনীত হৈছে । এই ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত শনিবাৰে হোৱা এক মাৰপিট ঘটনাত মহিলাগৰাকী আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰামতে মাটিৰ মালিক পক্ষৰ অজ্ঞাতে এক বণিকগোষ্ঠীয়ে স্বত্বদাবী কৰাৰ এক ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত। নগাৱঁৰ কচলুখোৱাৰ নিবাসী ৰূপা বৰা নামৰ মহিলাগৰাকীৰ ৩৯৭ নং ম্যাদীপট্টাৰ .৯৬৭ নং দাগৰ ৩ কঠা ১১ লেচা মাটি নগাঁও কানাড়া বেংকৰ মেনেজাৰে ৰাম লাল দুৰ্গা দত্ত মটৰ্ছ প্ৰা. লি.ৰ নামত বিক্ৰী কৰাৰ অভিযোগ উঠিছে।

মাটিৰ প্ৰকৃত গৰাকীক অন্ধকাৰত ৰাখি খুটিকটিয়া আৰ ডি মটৰ্চে বিবাদমান মাটিত বেনাৰ মৰাৰ কাৰ্যত হতবম্ব হৈ পৰিছে বয়োজ্যষ্ঠ মহিলাগৰাকী। শনিবাৰে দিনৰ প্ৰায় ১০-০০ বজাত উক্ত মাটিখিনিত এদল লোক উপস্থিত হৈ ৬৪ বছৰীয়া মহিলাগৰাকী আৰু তেওঁৰ ৩৪ বছৰীয়া পুত্ৰ হৃদয় বৰাক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

পিছত ঘটনাস্থলীত হয়বৰগাওঁ আৰক্ষী উপস্থিত হৈ মাতৃ-পুত্ৰ দুয়োকে উদ্ধাৰ কৰে আৰু গুৰুতৰভাৱে আহত পুত্ৰ হৃদয়ক জি এম চি এইচলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈকে আহত যুৱকজন চিকিৎসায়লত সংজ্ঞাহীন হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে বুলি পৰিয়ালৰ লোকে জনাইছে।

ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা মতে নগাঁৱৰ অনা অসমীয়া ব্যৱসায়িক গোষ্ঠী আৰ. ডি. মটৰ্ছৰ স্বত্বাধিকাৰীৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে মাটি ডোখৰ আইনগতভাৱে হস্তগত কৰিবলৈ অপাৰগ হৈ এইদৰে ভেৰণীয়া গুণ্ডা বাহিনীৰ সহযোগত বেদখল কৰাৰ চেষ্টা কৰিছে। এই ক্ষেত্ৰত নগাঁৱ আছুৰ এজন প্ৰাক্তন ছাত্ৰনেতাই আগভাগ লোৱাৰো অভিযোগ উঠিছে ৷

এই সংক্ৰান্তত মহিলাগৰাকীয়ে নগাঁও সদৰ আৰক্ষীক এক এজাহাৰ দাখিল কৰিছে।আনহাতে আৰ ডি মটৰ্ছৰ স্বত্বাধিকাৰীয়ে মাটি ডোখৰ কানাড়া বেংকে নিলাম কৰাৰ পাছত ক্ৰয় কৰিছিল আৰু তাত দখল ল'বলৈ যাওঁতেই সংঘাত সৃষ্টি হৈছে বুলি মত প্ৰকাশ কৰিছে।

Also Read: পলশাগুৰি সাৰ্বজনীন নামঘৰৰ শতবৰ্ষ অনুষ্ঠানত অভিনেত্ৰী বৰষাৰাণী বিষয়া

Assam police nagaon police