ডিজিটেল সংবাদ, নগাঁও: অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁও জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । নগাঁও ৰাজীৱ ভৱনৰ সন্মুখত গছৰ তলত বহি হাতে-হাতে বিচনী লৈ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতা কৰ্মী সকলে।
প্ৰতিবাদকাৰীসকলে স্মাৰ্ট মিটাৰ বাতিল কৰক, বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক, ঘনে-ঘনে লোড শ্বেডিং বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
পাছত প্ৰতিবাদকাৰী সকলে বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত ৰেলী কৰি গৈ নগাঁও বিদ্যুত বিভাগৰ প্ৰবন্ধকৰ কাৰ্যালয়ত উপস্হিত হৈ তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে । প্ৰতিবাদকাৰী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এচ ইউ আইৰ সদস্যসকল উপস্থিত থাকে ।
Also Read: অতিকে শোকাবহঃ কুঁৱাৰ ভিতৰত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই...