ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত বৃহস্পতিবাৰে কলিয়াবৰ, নগাঁও আৰু ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত ব্লক মুখপাত্ৰ আৰু সামাজিক মাধ্যমৰ সমন্বয়কসকলক লৈ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত ৩টা সংসদীয় সমষ্টিৰ অন্তৰ্গত ব্লক মুখপাত্ৰ আৰু সামাজিক মাধ্যমৰ সমন্বয়কসকলে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ব্লক মুখপাত্ৰ আৰু সামাজিক মাধ্যমৰ সমন্বয়কসকলক কংগ্ৰেছ দলৰ নীতি আদৰ্শ ৰাইজৰ আগত দাঙি ধৰি কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কামত মনোনিবেশ কৰিবলৈ আহবান জনায়। ভাষণ প্ৰসংগত বিজেপিক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ড০ জয় প্ৰকাশ দাসে এই শিবিৰত অংশগ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলক তৃনমূল পৰ্যায়ৰ পৰা দলৰ সংগঠন শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰিবলৈ আহবান জনায়। প্ৰতিটো বুথ কমিটিত দলৰ সংগঠন মজবুত কৰাৰ কাৰণে দলীয় কৰ্মীসকলে এতিয়াৰ পৰা কাম কৰিব লাগিব।
অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ অধ্যক্ষ ৰাতুল কলিতাই আঁত ধৰা শিবিৰত কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়া, বিধায়ক, সাংসদ আদিয়ে অংশগ্ৰহণ কৰে। ইপিনে প্ৰশিক্ষণ শিবিৰৰ আগে আগে এক যোগদান সমাৰোহ অনুষ্ঠিত হয়।
নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সুৰেশ বৰাৰ সভাপতিত্বত যোগদান সমাৰোহ অনুষ্ঠিত হয়। যোগদান সমাৰোহত অসম কলেজ শিক্ষক সন্থাৰ সভাপতি তথা নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশ্বজিৎ ভূঞা, অসম গণ পৰিষদৰ ৰহা সমষ্টিৰ শীৰ্ষ নেতা বলেন হীৰাসহ ২ শতাধিকলোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
যোগদান কৰাসকলক প্ৰদেশ কংগ্ৰেছ নেতৃত্বতই আদৰনি জনায়। কংগ্ৰেছৰ এই দুয়োটা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, শিবামনি বৰাকে ধৰি ভালে সংখ্যক কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।
আজি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সভালৈ ঝুমুৰ নৃত্যৰে আদৰি অনা হয়। ভূপেন বৰাই ঝুমুৰৰ তালে তালে মাদল বজোৱা পৰিলক্ষিত হয়। সভাত কংগ্ৰেছৰ নেতৃত্বক বিভিন্ন জনে ঢাল, তৰোৱাল আদি উপহাৰ দিয়া পৰিলক্ষিত হয়।
ইপিনে সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়- 'আজি আমাক ঢাল, তৰোৱাল উপহাৰ দিয়া কাৰ্যই প্ৰমাণ কৰিছে; ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত ঠিয় দিছে। ৰাইজে এতিয়া বিকল্প বিচাৰিছে। সেই বিকল্প কংগ্ৰেছৰ নেতৃত্বত হ'ব।'
ছাত্ৰ সংগঠন, শ্ৰমিক সংগঠন, কৃষক সংগঠনৰ নেতৃত্ব দিয়া বহু লোকৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত জৰিত বিশিষ্ট ব্যক্তিসকল আজি কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে। মুখ্যমন্ত্ৰীক সমালোচনা কৰি ভূপেন বৰাই কয়- 'মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ন-পুৰনি সংঘাত কংগ্ৰেছৰ সৃষ্ট বুলি কোৱা কথাটো হাস্যকৰ।'
তেওঁ লগতে কয় যে ২০১৫ চনত কংগ্ৰেছক ক্ষতি কৰা বিসম্বাদৰ ৰোগে এতিয়া তিল তিলকৈ ক্ষতি কৰিব বিজেপিক। বিভাজন কামী শক্তিৰ বিৰুদ্ধে এক শক্তিশালী মঞ্চ গঠন কৰাৰ প্ৰয়োজন বুলি ভূপেন বৰাই মন্তব্য কৰে।
শেহতীয়াকৈ অখিল গগৈয়ে কৰা এক মন্তব্যৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত ভূপেন বৰাই কয়- 'আমাৰ লগত থকা ১২টা দলৰ ভিতৰত ৩টা আঞ্চলিক দল আছে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ, অজিত ভূঞা আমাৰ লগত আছে।
কোন দলে বা কোন ব্যক্তিয়ে কৰ পৰা নিৰ্বাচন খেলিব সেইটো ডাঙৰ কথা নহয়। মূল কথাটো হৈছে ২০২৪ ত বিজেপি নেতৃত্বাধীন চৰকাৰক ওফৰাই ইণ্ডিয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰাটো।' অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছত বিজেপিৰ দৰে সংঘাত নাই বুলি মন্তব্য কৰে বিৰোধী দলপতি দেবব্ৰত শইকীযাই।
Also Read: কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যোৱাৰ পথত নিখোজ চিলাপথাৰ যুৱক