জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ নমুনাঃ পানী উঠাওঁতেই খহি পৰিল পানী ভৰ্তী টেংকী...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ নমুনাঃ পানী উঠাওঁতেই খহি পৰিল পানী ভৰ্তী টেংকী...
Published on
Updated on

ডিজিটেল সংবাদ পুৰণিগুদামঃ নগাঁৱৰ বঢ়মপুৰৰ শুকানজুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনীৰ শুকানজুৰি চাহ বাগিছা অধ্যুষিত এলেকাৰ নৱনিৰ্মিত পানী যোগান আচঁনিৰ টেংকীত পানী উঠাওটেই ওপৰৰ পৰা ভাঙি-চিঙি খহি পৰিল কংক্ৰীত তথা লোহাৰ পাতিৰে নিৰ্মিত পানী ভৰ্তী টেংকীটো।

ফলত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী গৰ্ভৱতী মহিলা সহ আন এজন কৰ্মচাৰীৰ। চাৰিমাহ পূৰ্বে আৰম্ভ কৰা পানী যোগান আচঁনিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ৰাইজক পানী যোগান ধৰিবলৈ টেংকীত পানী উঠাওতেই ঘটিল ভয়ংকৰ ঘটনাটো।

অভিযোগ অনুসৰি অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল এই পানী যোগান আচঁনি। যাৰ ফলস্বৰূপে নৱনিৰ্মিত পানী যোগান আচঁনি আৰম্ভনিতে ভয়ংকৰভাৱে খহি পৰিল।

চৰকাৰে আচঁনি দিছে সচাঁ কিন্তু একাংশ বিভাগীয় বিষয়া, অভিযন্তা তথা ঠিকাদাৰৰ অকৰ্মন্যতাৰ বাবেই আজি এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। বিশেষকৈ এনেবোৰ ভিতৰুৱা অঞ্চলৰ ৰাইজে দীৰ্ঘ দিন ধৰি খোৱা পানীৰ বাবে খাই আহিছিল যমৰ যান্ত্ৰনা।

নদ-নদী-পুখুৰী আদিৰ পৰা বহু কষ্টৰে পানী কঢ়িয়াই আনি তৃষ্ণা দূৰ কৰাৰ লগতে বিভিন্ন কামত ব্যৱহাৰ কৰি সংসাৰ চলাইছিল। কিন্তু শাসনাধিস্ত বিজেপি চৰকাৰৰ কৃপাত কিছু সকাহ পোৱাৰ আশা দেখিছিল যদিও সেই আশা যেন কলিতেই মৰহিল।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ নমুনাঃ পানী উঠাওঁতেই খহি পৰিল পানী ভৰ্তী টেংকী...
মন্ত্ৰীৰে ফটো উঠি দুৰ্নীতি, কেলেংকাৰীৰ বজাৰ মেলিছে পঞ্চায়ত সভাপতিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in