শাৰদীয় পূজা উপলক্ষে গৌৰীনাথ শিৱমন্দিৰত সাংস্কৃতিক অনুষ্ঠান

শাৰদীয় পূজা উপলক্ষে গৌৰীনাথ শিৱমন্দিৰত সাংস্কৃতিক অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
শাৰদীয় পূজা উপলক্ষে গৌৰীনাথ শিৱমন্দিৰত সাংস্কৃতিক অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱমন্দিৰ প্ৰসংগত শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে দেওবাৰে নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। গৌৰীনাথ শিৱমন্দিৰ শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিৰ সম্পাদক শিৱ প্ৰসাদ বৰাই আঁতধৰা সাংস্কৃতিক অনুষ্ঠানত, সহস্ৰাধিক দৰ্শকৰ সন্মুখত নৃত্যশিল্পী ৰিয়া বৰদলৈৰ পৰিচালনাত আংগিক সত্ৰীয়া নৃত্য দলে ৰামদানী, ঝুমুৰা আৰু গীতৰ নাচৰ অনুষ্ঠান পৰিৱেশন কৰে।

ইয়াৰ পাছত ৰাইডঙীয়া শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ শিল্পী সকলে খোলবাদন, বৰগীতৰ, লোকগীত গীত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নৱপ্ৰজন্মৰ লোকবাদ্য শিল্পী দিক্ষিত বৰদলৈৰ নেতৃত্বত অজিত বৰুৱা, চিন্ময় নাথ, জ্যোতিকমল নাথ, প্ৰেমাননদ দাস, ৰাহুল শইকীয়াৰ মনিকাঞ্চন লোকবাদ্য দলে সংগীত অনুষ্ঠান পৰিৱেশন কৰে।

সোমবাৰে নিশা বৰডুবিয়া গাঁৱৰ মহিলাসকলে নাৰী পৰ্ব ভাওনা পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে। জাকজমকতাৰ পৰিৱৰ্তে সোনাই নৈ পাৰৰ নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত গৌৰীনাথ শিৱমন্দিৰ পূজা আকৰ্ষণীয় হৈ পৰিছে বুলি উপস্থিত দৰ্শকসকলে মন্তব্য কৰিছে।

Also Read: অসমীয়া প্ৰতিদিনৰ সাংবাদিকলৈ "অসম গৌৰৱ নবীন গ্ৰাম্য সাংবাদিকতা বঁটা ২০২৩"

durga puja