ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত ৩৫০ বছৰীয়া পৰম্পৰাৰে শনিবাৰে নিশা দধিমথন ভাওনা পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে, আই কনকলতাই বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ সময়ৰ পৰা এই পৰম্পৰাৰে মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বিয়লি অনুষ্ঠিত কৰি আহিছে এই দধিমথন ভাওনা।
শনিবাৰে পুৱা থানত তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া নাম প্ৰসঙ্গ, ঘোষা-কীৰ্তন আদি নিত্য নৈমিত্তিক প্ৰসংগৰ পাছত গায়ন বায়নে সুৰ ধেমালি পৰিৱেশন কৰে। সন্ধিয়া দধিমথন নাটকীয় বিন্যাসেৰে "শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু নন্দ যশোদাৰ ঘৰুৱা কোলাহল।" পটভূমিত সত্ৰৰ বালকসকলৰ অভিনয়েৰে মঞ্চস্থ হয় এই ভাওনা। শেষত সকলো ভকত বৈষ্ণৱৰ মাজত লৱনু বিতৰন কৰা হয়। এনেদৰে নান্দনিক পৰিবেশৰ মাজেৰে বটদ্ৰৱা থানৰ নাটঘৰত ৩৫০ বছৰীয়া পৰম্পৰাৰে দধিমথন ভাওনাই আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰে।
Also Read: অবৈধভাৱে ব্যৱহাৰ কৰা বিদ্যুৎ বিছিন্ন কৰিবলৈ যোৱা কৰ্মচাৰীক প্ৰহাৰ অভিযুক্তৰ