শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰীয়ে কৰিলে আত্মহত্যা...

শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰীয়ে কৰিলে আত্মহত্যা...
শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰীয়ে কৰিলে আত্মহত্যা...
Published on
Updated on

ডিজিটেল সংবাদ কামপুৰঃ বছৰৰ অন্তুিমটো দিনত কচুৱা থানাৰ অন্তৰ্গত সাতলুঙাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।এগৰাকী বোৱাৰীয়ে গাত অগ্নি সংযোগ কৰি আত্মহনন কৰে।বোৱাৰীগৰাকীৰ ঘৰ বিৰিঙাআটি হাটিখুঁটিত বুলি জানিব পৰা গৈছে।

বোৱাৰীগৰাকীৰ নাম মজিনা খাতুন ।ৰাইজৰ অভিযোগ অনুসৰি সাতলুঙাৰ পৰা কিছু বছৰৰ আগতে কচুৱা থানাৰ অন্তৰ্গত বিৰিঙাআটিৰ মজিবুৰ ৰহমান আৰু হাৰেছা বেগমৰ পুত্ৰ ছৰিফুল ইছলামৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল মজিনা খাতুন।

দুটা সন্তানৰ মাতৃ মাজিনা বেগমক নিতৌ শাহু হাৰেছা বেগমে মানসিক আৰু শাৰিৰীকভাৱে অত্যাচাৰ কৰা অভিযোগ উঠিছে। বোৱাৰীগৰাকীৰ স্বামী ছৰিফুল ইছলাম কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাত শাহুৰ অত্যচাৰ দিনক দিনে বৃদ্ধি হৈছিল মজিনাৰ ওপৰত।

দেওবাৰে শাহুৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি সাতলুঙাৰ মাতৃগৃহলৈ গুছি আহে মজিনা।ইয়াৰ পিছতে মাতৃগূহত কোনো নথকাৰ সুযোগ লৈ পাকঘৰত গাত তেল ঢালি আত্মহনন কৰে মজিনাই।

এই ঘটনাই সমগ্ৰ অঞ্চটোতে চাঞ্চল্য বিৰাজ কৰা সময়তে আৰক্ষীয়ে শাহু হাৰেচা বেগম আটক কৰে। বৰ্তমান মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰীয়ে কৰিলে আত্মহত্যা...
মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in