গণৰাজ্য দিৱসৰ পুৱাই নগাঁৱৰ পুৰণিগুদামত মৃতদেহ উদ্ধাৰ

গণৰাজ্য দিৱসৰ পুৱাই নগাঁৱৰ পুৰণিগুদামত মৃতদেহ উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ, চামগুৰিঃ গণৰাজ্য দিৱসৰ পুৱাই নগাঁৱৰ পুৰণিগুদামৰ চলচলি মুছলমান গাঁৱত অঘটন। গাঁও খনত থকা নিজ চলি(মণ্ডল ১)পাইপ পানী যোগান আচঁনিৰ গৃহত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।

মৃতদেহটো স্থানীয় যুৱক ছফিকুৰ ৰহমানৰ বুলি চিনাক্ত হৈছে। ছফিকুৰক নিশা হত্যা কৰি ঘৰটোত পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।

পানী যোগান আচঁনিৰ কৰ্মচাৰী আলম আৰু ভাতৃ মামুনৰ বিৰুদ্ধে ছফিকুলক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

সমগ্ৰ কাণ্ডটো ড্ৰাগছৰ বাবে হোৱাৰ অভিযোগ ৰাইজৰ। দীৰ্ঘদিন ধৰি পানীযোগান আচঁনি খনত কৰ্মচাৰী আলমে ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ।

ঘটনাস্থলীত এগৰাকী দণ্ডাধীশসহ চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ লগতে আৰম্ভ কৰে প্ৰাৰম্ভিক তদন্ত।

গণৰাজ্য দিৱসৰ পুৱাই নগাঁৱৰ পুৰণিগুদামত মৃতদেহ উদ্ধাৰ
শিলচৰত ৭৫ সংখ্যক গণৰাজ্য দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in