দিল্লী আৰক্ষীৰ অভিযান : নগাঁৱত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ অভিযান : নগাঁৱত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : এক গোপন সুত্ৰৰ পম খেদি দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে নগাঁও আৰক্ষীৰ সহযোগত শনিবাৰে নিশা দুটা দুধৰ্ষ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি নগাঁৱৰ সদৰ আৰক্ষী থানাত বাহৰ পাতি থকা দিল্লী আৰক্ষীৰ পাঁচজনীয়া দলে এই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান তথা সোধাপোছা চলাই আছে।

জানিব পৰা মতে নগাঁৱৰ পৰা দুজন, মৰিগাঁৱৰ পৰা দুজন আৰু নাগালেণ্ডৰ পৰা এজন চাৰিবাৰ অপৰাধীক আটক কৰে দিল্লী আৰক্ষীয়ে। নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা অপৰাধী দুটাক পাছত জিলাখনলৈ ধিং অঞ্চলৰ মমছাহ আৰিফ আৰু আনাৰ উদ্দিন বুলি চিনাক্ত কৰা হয়। ধৃত চাইবাৰ অপৰাধী কেইটাক নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীৰ দলটোৱে।

দিল্লী আৰক্ষীৰ অভিযান : নগাঁৱত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ
শিক্ষাবিদ-সাহিত্যিক ভাৰত চন্দ্ৰ নাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in