বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰত স্থাপনৰ দাবী

বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰত স্থাপনৰ দাবী
Published on
Updated on

ডিজিটেল সংবাদ,বঢ়মপুৰ : ৰাজ্য চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা অনুসৰি সমষ্টিভিত্তিক উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ উপ জিলা সদৰস্থানক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।

সেই সন্দৰ্ভতে বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ কেন্দ্ৰস্থল বঢ়মপুৰ ছহিদ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে বিয়লি এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত বঢ়মপুৰ উপ জিলাৰ মূল কাৰ্যালয়সমূহৰ স্থাপনৰ সম্পৰ্কে বিশদভাবে আলোচনা কৰা হয়।

সভাই সমষ্টিৰ সকলো অঞ্চলৰ সুবিধা হোৱাকৈ সমষ্টিটোৰ মধ্যস্থল বঢ়মপুৰতেই উপ জিলাৰ কাৰ্য্যালয় স্থাপন কৰিবলৈ চৰকাৰক দাবী জনায়। উল্লেখ্য যে, সমষ্টিটোৰ উপ জিলাৰ সদৰ কামপুৰৰ নামো চৰ্চালৈ আহিছে।

সভাই ঐতিহ্যমণ্ডিত আৰু ইতিহাস প্ৰসিদ্ধ বঢ়মপুৰত উপ জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ বাবে সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সভাৰ শেষত মুকুল শইকীয়াক সভাপতি আৰু ৰাতুল ভূঞাক সম্পাদক হিচাপে লৈ বঢ়মপুৰ নাগৰিক সভা নামেৰে এখনি কাৰ্যকৰী সমিতি গঠন কৰে।

বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰত স্থাপনৰ দাবী
সুদীৰ্ঘকালৰ অন্তত মেৰাপানীবাসীয়ে লাভ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ শাখা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in