ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কঠীয়াতলী লুংপুং গাঁৱৰ এজন বিশেষভাৱে সক্ষম লোকৰ মহানুভৱতা। গাঁৱখনৰ ধৰ্মেন্দ্ৰ বসুমতাৰী নামৰ লোকজনে নিজৰ মাটিত স্থাপন কৰিব এখন দিবাংগ আশ্ৰম।
পিতৃহাৰা আৰু দুয়োখন হাত নথকা ধৰ্মেন্দ্ৰ বসুমতাৰীয়ে বিকলাংগ ব্যক্তিসকলৰ উন্নয়নৰ বাবে এই আশ্ৰমখন নিৰ্মাণ কৰিব বুলি কয়। উল্লেখ্য যে ২০০৭ চনত মেঘালয়ৰ এটা কোম্পানীত কৰ্মৰত অৱস্থাত দুয়োখন হাত মেচিনত সোমাই যোৱাত চিৰদিনৰ বাবে ধৰ্মেন্দ্ৰই হাত দুখন হেৰুৱাব লগা হয়।
পূৰ্বৰ এজন ভাল ফুটবল খেলুৱৈ ধৰ্মেন্দ্ৰই কৰ্ম বিমুখ হৈ পৰে যদিও ধৈৰ্য আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰাত পৰিয়ালৰ সকলোৱে সহযোগিতা আগবঢ়াবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে। নিজগৃহত মাতৃ আৰু ভাতৃৰ লগত বসবাস কৰা ধৰ্মেন্দ্ৰই দিবাংগসকলৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰয়াস কৰিছে।
সেয়ে তেওঁ নিজৰ ২ কঠা মাটিত এখন আশ্ৰম খোলাৰ মন মেলিছে। আগন্তুক ৩ ডিচেম্বৰৰ বিশ্ব দিবাংগ দিৱসৰ দিনটোত আশ্ৰমখনৰ আধাৰশিলা স্থাপন কৰিব বুলি জনায়। মনোবল আৰু ইচ্ছা শক্তি থাকিলে সকলো যে সম্ভৱ সেই কথাকে প্ৰমাণ কৰিবলৈ গৈছে ধৰ্মেন্দ্ৰই।
তেওঁ আশা প্ৰকাশ কৰিছে যে অঞ্চলবাসীৰ লগতে অসম চৰকাৰেও সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াব। ইতিমধ্যে যুৱকজনৰ প্ৰয়াসক কঠীয়াতলী অঞ্চলৰ সকলোৱে ধন্যবাদ আৰু আশিস প্ৰদান কৰিছে।
Also Read: কাছাৰৰ লাইলাপুৰত হেৰ’ইন জব্দ : গ্ৰেপ্তাৰ মণিপুৰৰ সৰবৰাহকাৰী