ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আন্তৰ্জাতিক যুৱ দিৱস...

নগাঁও জিলাৰ পশ্চিম অঞ্চলত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আন্তৰ্জাতিক যুৱ দিৱস...
ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আন্তৰ্জাতিক যুৱ দিৱস...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি, ধিং মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(NCC) আৰু ডি বি টি ষ্টাৰ কলেজ (DBT STAR COLLEGE)ৰ সহযোগত শুকুৰবাৰৰে পৰা ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তর্জাতিক যুৱ দিৱস। মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুটমণি শইকীয়াই উদ্দেশ্য ব্যখ্যা কৰি "সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যত ভয়ানক ভাবে বৃদ্ধি পোৱা ড্ৰাগছ আসক্তি আৰু বিশেষকৈ নগাঁও জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টো উত্থপন কৰি সমাজত সজাগতা সৃষ্টিৰ গুৰুত্ব আৰোপ কৰে।

যুৱ দিৱসৰ শুভাৰম্ভ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই এইবেলি আন্তৰ্জাতিক যুৱ দিৱসৰ বিষয়বস্তু "এক বহনক্ষম পৃথিৱীৰ প্ৰতি যুৱসকলৰ সেউজীয়া দক্ষতা" শীৰ্ষক বিষয়ত আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ আগন্তুক দুদিনৰ বাবে মহাবিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া যুৱ দিৱসৰ সকলো কাৰ্যসূচীলৈ অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। পাছত মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱৰ তত্বাৱধায়ক ড০ উজয়ন্ত দাসৰ সঞ্চালনাত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে "বৰ্তমান সময়ত যুৱ সম্প্ৰদায়ৰ ওপৰত ড্ৰাগছ, এইচ আই ভি, এইডছৰ প্ৰভাৱ" শীৰ্ষক এটি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অধ্যাপক ডম্বৰুধৰ কাকতি, অজিত শৰ্মা আৰু সাংবাদিক দিব্যজ্যোতি বৰুৱাই বিচাৰকৰ আসন অলংকৃত কৰা প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰে ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তপস্যা তৰিষী, দ্বিতীয় স্থানত শংকৰদেৱ বিদ্যা নিকেতন ধিঙৰ দুষ্টিমা বৰা আৰু তৃতীয় স্থান লাভ কৰে আদৰ্শ বিদ্যালয় বটদ্ৰৱাৰ দিবা ফাৰহাত ভূঞাই। উক্ত কাৰ্যসূচীত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ বিদ্যা নিকেতন ধিং, জৱাহৰ নৱোদয় বিদ্যালয় ধিং, খ্ৰীষ্ট জ্যোতি স্কুল ধিং, আদৰ্শ বিদ্যালয় বটদ্ৰৱা, ধিং মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

উল্লেখ্য শনিবাৰৰ পুৱা ৬ বজাত মহাবিদ্যালয়ৰ পৰা হাফ মাৰাথন দৌৰ, ১০ বজাৰ পৰা অবিভক্ত নগাঁও ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, ১১ বজাত বাটৰ নাট, আৰোগ্য যোগ নিকেতনৰ যোগ নিকেতন যোগ প্ৰদৰ্শন, বিশিষ্ট অতিথিৰ ভাষণ আৰু পুৰস্কাৰ বিতৰণ কৰা হ'ব।

ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আন্তৰ্জাতিক যুৱ দিৱস...
শতাধিক কৃষকৰ উপস্থিতিত বিধায়ক দিগন্ত কলিতাৰ বিশেষ প্ৰশিক্ষণ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in