কামপুৰ বানপীড়িত ৰাইজৰ কাষত মহাবীৰ লাচিত সেনা অসম...

বানপানীৰ সমস্যটো গুৰুত্ব নিদিয়াটো অতি পৰিতাপৰ কথা
কামপুৰ বানপীড়িত ৰাইজৰ কাষত মহাবীৰ লাচিত সেনা অসম...
কামপুৰ বানপীড়িত ৰাইজৰ কাষত মহাবীৰ লাচিত সেনা অসম...
Published on
Updated on

ডিজিটেল সংবাদ কামপুৰ: নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ বানাক্ৰান্ত পটীয়া পামত আজি খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ বিতৰণ কৰে অসমৰ সামাজিক অনুষ্ঠান মহাবীৰ লাচিত সেনা অসমে। উল্লেখ্য যে অসমৰ জলন্ত সমস্যা হিচাপে চিহ্নীত এই বান‌পানী সমস্যৰ প্ৰতি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰাটোক উদ্বিগ্ন প্ৰকাশ কৰিছে সংগঠটোয়ে।

সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰে যে, অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু এই ৰাজ্যত বছৰি কৃষকসকলে বানপানীত পীড়িত হৈ আহিছে আৰু কৃষি কৰ্ম বিস্তৰ ক্ষতিসাধন হয়। তদুপৰি অসম চৰকাৰে সদৰী কৰা এক তথ্যত প্ৰকাশ কৰা হৈছে যে, বছৰি প্ৰায় দুশ কোটিতকৈও অধিক টকা লোকচান হয় ।

এই সম্পৰ্কত কেন্দ্ৰীয় সমিতিৰ সভাপতি নবকুমাৰ বৰাই কয় ২০২২ চনৰ অসম চৰকাৰৰ তথ্য মতে অসমৰ ৭৮.৫২৩ লাখ হেক্টৰ ভূমিৰ ভিতৰত ৩১.০৫ লাখ হেক্টৰ ভূমি বানপানীৰ কৱলত তথাপিও অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমত বানপানীৰ সমস্যাক গুৰুত্ব নিদিয়াটো অতি পৰিতাপৰ কথা ।

আজি সংগঠনটোৰ তৰফৰ পৰা প্ৰায় ১০০ ঘৰ বানপীড়িতক খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠটোৱে পৰৱতি পৰ্যায়ত ভ্ৰাম্যমাণ স্বাস্থ্য শিবিৰৰো ঠায়ে ঠায়ে ব্যৱস্থা কৰাৰ কথা প্ৰোছ বাৰ্তাত উল্লেখ কৰিছে।

কামপুৰ বানপীড়িত ৰাইজৰ কাষত মহাবীৰ লাচিত সেনা অসম...
টি-২০ৰ উপৰিও এদিনীয়াতো স্থান ৰিয়ানকঃ শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in