নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত নগাঁৱত জিলা ভিত্তিক যুৱ মহোৎসৱ

ভাৰতৰ চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ নগাঁও শাখাৰ উদ্যোগত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় যুৱ মহোৎসৱৰ। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাসে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে কাৰ্যসূচী।  

author-image
Asomiya Pratidin
New Update
যুৱ মহোৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱা: নেহেৰু যুৱ কেন্দ্ৰৰ নগাঁও জিলা ভিত্তিক যুৱ মহোৎসৱ-২০২৪ৰ আজি সন্ধিয়া সামৰণি পৰে। ভাৰতৰ চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ নগাঁও শাখাৰ উদ্যোগত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত যুৱ মহোৎসৱৰ কাৰ্যসূচীসমূহ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাসে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে।  

পিছত জিলাখনৰ বিভিন্ন স্থানৰ পৰা যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলা ভিত্তিক সাতটাকৈ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেই অনুসৰি, বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুত প্ৰতিযোগিতা(দলীয়)ত প্ৰথম স্থান অধিকাৰ কৰে ৰাহুল মাহাত্ব, দ্বিতীয় স্থান ছাৰলিন ৰংফাৰপী আৰু তৃতীয় স্থান লাভ কৰে শুভ দে'য়ে।

নগাঁৱত জিলা ভিত্তিক যুৱ মহোৎসৱ

একক ভাবে অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত সুষমিতা দাস, দ্বিতীয় স্থান লাভ কৰে পদ্মিনী কৰ্মকাৰ আৰু তৃতীয় স্থান লাভ কৰে ৰোহান আহমেদ। ছবি অঁকা প্ৰতিযোগিতাত প্ৰিয়ংকা ৰয়ে প্ৰথম, ৰাখী ৰাজখোৱাই দ্বিতীয় আৰু ৰণবিৰ দাসে তৃতীয় স্থান লাভ কৰে। 

বক্তৃতা প্ৰতিযোগিতাত ৰদালী বৰুৱাই প্ৰথম, মৃদুস্মিতা শৰ্মাই দ্বিতীয় আৰু সৃষ্টিৰেখা মেছে তৃতীয় স্থান লাভ কৰে। কবিতা লিখা প্ৰতিযোগিতাত সৃষ্টি বৰাই প্ৰথম, জিৰণি প্ৰিয়া বৰাই দ্বিতীয় আৰু ৰদালী বৰুৱাই তৃতীয় স্থান লাভ কৰে।

মোবাইলৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত ৰীতাকা শ‌ইকীয়াই প্ৰথম, কৃষ্টিনা শ‌ইকীয়াই দ্বিতীয় আৰু জ্যোতিস্মিতা চন্দ্ৰ পাঠকে তৃতীয় স্থান লাভ কৰে। নৃত্য প্ৰতিযোগিতাত বিহু নৃত্যৰ দলে প্ৰথম, বড়ো লোক নৃত্য‌ই দ্বিতীয় আৰু বাগৰুম্বা নৃত্যৰ দলে তৃতীয় স্থান লাভ কৰে।

উল্লেখ্য যে প্ৰতিটো প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰা প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব লগা যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বিয়লি অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাখন আ‍ঁত ধৰে নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে।

উক্ত সভাত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, শিল্পী সুজিত দাস, দিব্যজ্যোতি বৰুৱা, নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধান , সহকাৰী অধ্যাপক ড০ অমিয় পাটৰ, ফলাহ গ্ৰুপ অৱ ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ অধ্যক্ষ মোশ্বাৰফ হুছেইন কবিৰ, যুৱ সমাজকৰ্মী ৰণদ্বীপ নন্দীকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা সভাখনৰ পূৰ্বে অনুষ্ঠিত প্ৰতিযোগিতাসমূহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে জিলাখনৰ সহকাৰী আয়ুক্ত অনুৰম মেধি, গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা ছিৰাজ উদ্দিন আহমেদ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক কিশোৰ দেৱ, জ্যেষ্ঠ সাংবাদিক নাজিম আহমেদ, অসম যোগ সন্থাৰ বিষয়ববীয়া প্ৰভাত চন্দ্ৰ, বিশিষ্ট সমাজ সেৱক তৈয়াবুৰ ৰহমান, আলিটাঙনী মাৰ্কাজ একাডেমীৰ অধ্যক্ষ ইফতিকাৰ হুছেইন চৌধুৰী উপস্থিত থাকে।

নগাঁও ছোৱালী মহাবিদ্যালয়