কামপুৰৰ পদপথত গীতে মাতে স্মৰণ সুধাকণ্ঠক

সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে কামপুৰতো বিভিন্ন সংগঠনে সুধাকণ্ঠ ড০ ভূপেন হাজৰীকাৰ ৯৭ তম জন্মজয়ন্তী উলহ-মালহৰে উদযাপন কৰে।

author-image
Asomiya Pratidin
New Update
কামপুৰৰ পদপথত গীতে মাতে স্মৰণ সুধাকণ্ঠক

ডিজিটেল সংবাদ, কামপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে কামপুৰতো বিভিন্ন সংগঠনে সুধাকণ্ঠ ড০ ভূপেন হাজৰীকাৰ ৯৭ তম জন্মজয়ন্তী উলহ-মালহৰে উদযাপন কৰে। পুৱাৰ ভাগৰ পৰা কামপুৰৰ বিভিন্ন এলেকাত বিভিন্ন কাৰ্যসূচীৰে বিশ্ববৰেণ্য শিল্পীজনক স্মৰণ কৰাৰ পিছত সন্ধ্যা ভাগলৈ কামপুৰ বজাৰৰ মাজমজিয়াত আচ- পাচনামৰ সংগঠনটোৱে অনুষ্ঠিত কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী।

সামাজিক সংগঠনটোৱে পদপথটে গীত-নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে চলচিত্ৰ পৰিচালক-চিত্ৰনাট্যকাৰ মনজিৎ শৰ্মাই।অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ, প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মোলান লস্কৰ, সমাজকৰ্মী যতীন বৰা আদি। উল্লেখ্য যে অনুষ্ঠানটোৰ আঁত ধৰে আচ-পাচৰ সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাই।

Also Read: সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী উদ্ধাৰ

DR BHUPEN HAZARIKA