নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° পৰীক্ষিত গগৈলৈ ফুলব্ৰাইট-নেহৰু ফেল'শ্বিপ

নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ অধ্যাপক ড° পৰীক্ষিত গগৈলৈ ফুলব্ৰাইট-নেহৰু ফেল'শ্বিপ। ১৫ছেপ্টেম্বৰত আমেৰিকালৈ ৰাওনা হ'ব ড° গগৈ...
নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° পৰীক্ষিত গগৈলৈ ফুলব্ৰাইট-নেহৰু ফেল'শ্বিপ
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও মহাবিদ্যালয়ৰ ৰসায়ণ বিজ্ঞান বিভাগৰ অধ্যাপক ড° পৰীক্ষিত গগৈয়ে লাভ কৰিছে সন্মানীয় ফুলব্ৰাইট-নেহৰু একাডেমিক এণ্ড প্ৰফেছনেল এক্সিলেন্স ৰিচাৰ্চ ফেল'শ্বিপ। যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, কটন বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ণ বিজ্ঞান বিভাগত স্নাতকোত্তৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা MTech ডিগ্ৰী লাভ কৰা ড° গগৈয়ে গুৱাহাটী আই আই টিত প্ৰথমে যোগদান কৰে।

ইয়াৰ পিছত নগাঁও মহাবিদ্যালয়ত ৰসায়ণ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰা ড° গগৈয়ে ২০১৪ চনত বেঙ্গালুৰত ইণ্ডিয়ান নেচনেল একাডেমী অৱ ছাইঞ্চত ইনছা চামাৰ ৰিচাৰ্চ অৱ টিচাৰ্চ ফেল'শ্বিপো লাভ কৰিছিল। যোৰহাট পুলিবৰৰ অৱসৰপ্ৰাপ্ত কৃষি বিষয়া ৰূপেন গগৈ আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী পূণ্য গগৈৰ পুত্ৰ ড° পৰীক্ষিত গগৈয়ে আমেৰিকাৰ ইলিয়ণ বিশ্ববিদ্যালয়ৰ গেৰী ৰিচাৰ্চ ইনষ্টিউটৰ ড° জেমিন কিমৰ সহযোগত উৰাজাহাজত ব্যৱহৃত ইন্ধন উৎপাদনৰ ওপৰত গৱেষণা কৰিব। জানিব পৰা অনুসৰি অহা ১৫ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ জুন মাহলৈ এই গৱেষণা চলিব।

নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° পৰীক্ষিত গগৈলৈ ফুলব্ৰাইট-নেহৰু ফেল'শ্বিপ
অসম গোৰ্খা সন্মিলনৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in