কঠীয়াতলীত নাট কৰ্মশালাৰ সফল সামৰণি...

কঠীয়াতলীত নাট কৰ্মশালাৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ. কঠীয়াতলী: অসম নাট্য সন্মিলনৰ পৃষ্ঠপোষকতাত নগাঁও জিলা নাট্য সন্মিলনৰ উদ্যোগত আৰু কঠীয়াতলী শাখাৰ সহযোগত ১৫,১৬ আৰু ১৭ তাৰিখলৈ অনুষ্ঠিত হোৱা নাট্য কৰ্মশালাৰ সফল সামৰণি পৰে। বুধবাৰে কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কৰ্মশালা অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়।

তিনি দিনীয়া নাট্য কৰ্মশালাত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক প্ৰশিৰ্ক্ষাথীয়ে অংশগ্ৰহণ কৰে। প্ৰমাণপত্ৰ প্ৰদান কৰা এই অনুষ্ঠানত অসম নাট্য সন্মিলন নগাওঁ জিলা সমিতি আৰু কঠীয়াতলী শাখাৰ বহু কেইগৰাকী সদস্য তথা আমন্ত্ৰিত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই গ্ৰীষ্মকালীন নাট কৰ্মশালাখনিক এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে।

কঠীয়াতলীত নাট কৰ্মশালাৰ সফল সামৰণি...
আলুৰ নাটনিৰ সম্ভাৱনাঃ বংগ চৰাকৰে অসমত প্ৰৱেশত বাধা দিছে শ শ আলু ভৰ্তি ট্ৰাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in