ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ ডিমৰুগুৰিত অঘটন৷ জিৰনিচ’ৰা ভাগি গুৰুতৰভাৱে আহত হয় ২জন ব্যক্তি৷ অনিয়ন্ত্ৰিতভাৱে চলোৱা এখন ড্ৰাম্পাৰৰ খুন্দাত ভাগি পৰে জিৰনি চৰাটো ৷ সেই সময়ত জিৰনি চ’ৰাটোত ২জনকৈ লোক আছিল ৷ ব্যক্তি ২জনক জিৰনি চ’ৰাৰ চাদে হেচা মাৰি ধৰে ৷ ফলত বহু সময় ভাগি পৰা চাদৰ তলতে পৰি থাকে ব্যক্তি ২জন ৷
গুৰুতৰভাৱে আহত ব্যক্তি ২জন হৈছে প্ৰনব প্ৰকাশ বৰা আৰু হৰিন্দ্ৰৰ ৰাম ৷ প্ৰনব প্ৰকাশৰ বৰাৰ বয়স ৬০ বছৰ আৰু ঘৰ চকৰিগাঁৱত ৷ আনজন হৰিন্দ্ৰৰ ৰামৰ ঘৰ ৰামকৃষ্ণপথৰ লেবাৰ কলনীত আৰু বয়স ৫০ বছৰ ৷ ঘটনাটোৰ সময়ত প্ৰনব প্ৰকাশ বৰাই জিৰণি চ’ৰাটোত বহি আছিল আৰু পেশাত মুচি হৰিন্দ্ৰৰ ৰামে কাম কৰি আছিল ৷
চামগুৰিৰ দিশৰ পৰা বালি কঢ়িয়াই অনা এ এছ ০২ ডি চি ৩৯৫৭ নম্বৰৰ ড্ৰাম্পাৰখনে অনিয়ন্ত্ৰিতভাৱে খুন্দা মৰাত দূৰ্ঘটনাটো সংঘটিত হয় ৷ ডিমৰুগুৰি পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মূখৰে ম’হখুলিলৈ যোৱাৰ পথত ড্ৰাম্পাৰখনৰ দ্বাৰা এই ঘটনাটো সংঘটিত হয় ৷ অভিযোগ মতে পৰিবহন বিষয়া কাৰ্যালয়ৰ সন্মূখৰে অহা যোৱা কৰা ড্ৰাম্পাৰে সঘনে দূৰ্ঘটনা সংঘটিত কৰি আহিছে যদিও বিভাগটোয়ে ড্ৰাম্পাৰ সমূহ নিয়ন্ত্ৰন কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷
Also Read: অইল ইণ্ডিয়া লিমিটেডৰ ৰাজহুৱা শৌচাগাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ