নগাঁও জিলাৰ পশ্চিমাঞ্চলত নৈসৰ্গিক পৰিৱেশত মহাষ্টমী পূজা

নগাঁও জিলাৰ পশ্চিমাঞ্চলত নৈসৰ্গিক পৰিৱেশত মহাষ্টমী পূজা
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা: দেওবাৰে মহা অষ্টমীৰ দিনা দুৰ্গতিনাশিনী মা দুৰ্গাৰ আশীষ ল'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ পূজা মণ্ডপ সমূহত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। চহৰৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পুজা মণ্ডপসমূহতো ভক্ত দৰ্শকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।

চহৰৰ বিগ বাজেটৰ পূজাসমূহত দেশ বিদেশৰ বিভিন্ন মন্দিৰৰ আৰ্হি আৰু অনান্য থিম সাজি দৰ্শকক আকৰ্ষণ কৰাৰ বিপৰীতে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ গ্ৰামৰ পূজাসমূহ সম্পূৰ্ণ পৰম্পৰাগত আৰু আধ্যাত্মিক ৰূপত প্ৰতিস্থা কৰা হৈছে। জিলা খনৰ পশ্চিমাঞ্চলৰ তথা বটদ্ৰৱাৰ সমীপৱৰ্তী ভেটিয়নী গাঁও সাৰ্বজনীন দূৰ্গা ৰ্পূজা, বটদ্ৰৱা গৌৰীনাথ শিৱমন্দিৰ দূৰ্গা পূজা, মাজজাজৰি সাৰ্বজনীন দূৰ্গোৎসৱৰ পৰম্পৰাগত পূজা কেইখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বটদ্ৰৱাৰ সোনাই নৈৰ পাৰৰ গৌৰীনাথ শিৱমন্দিৰৰ নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত দেওবাৰৰ মহা অষ্টমী পূজাভাগ সুকলমে সম্পন্ন হয়। অগণন ভক্তৰ সমাগমত দেৱী বন্দনা, পূজা অৰ্চনাৰে মুখৰ এক পৰিৱেশত এক বৃহৎ সংখ্যক লোকে সেৱা জনোৱাৰ উপৰি নিৰ্মালি, প্ৰসাদ, ভোগ আদি গ্ৰহণ কৰে।

অষ্টমী পূজা উপলক্ষে পুৱাৰে পৰা চণ্ডীপাঠ, মহা অষ্টমী বিহিত পূজা, মহা আৰতিৰ পাছত সন্ধিয়া ৰিয়া বৰদলৈৰ পৰিচালনাত আংগিক সত্ৰীয়া নৃত্য দল নৃত্যানুস্থান, ৰাইডঙীয়া শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ গীত-নৃত্যৰ অনুষ্ঠানৰ উপৰিও দিক্ষিত বৰদলৈ পৰিচালনাৰে মনিকাঞ্চন লোকবাদ্য দলে সংগীত অনুষ্ঠান পৰিৱেশন কৰে।

নগাঁও জিলাৰ পশ্চিমাঞ্চলত নৈসৰ্গিক পৰিৱেশত মহাষ্টমী পূজা
জন্মদাত্ৰীয়ে হ'ল হত্যাকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in