নগাঁও চহৰত দুৰ্গা পূজাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন : তিনি শতাধিক মণ্ডপত ব্যাপক আয়োজন...

আলোকসজ্জাৰে ৰাইজক আকৰ্ষণৰ চেষ্টা একাধিক পূজা সমিতিৰ

author-image
Asomiya Pratidin
New Update
নগাঁও চহৰত দুৰ্গা পূজাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন : তিনি শতাধিক মণ্ডপত ব্যাপক আয়োজন...

নগাঁও চহৰত দুৰ্গা পূজাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন : তিনি শতাধিক মণ্ডপত ব্যাপক আয়োজন...

ডিজিটেল সংবাদ নগাওঁঃসমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। প্ৰতিকূল বতৰকো নেওচি নগাঁওবাসী এতিয়া পূজাক লৈ ব্যস্ত।

ব্যৱসায় প্ৰতিষ্ঠানত বিশেষকৈ কাপোৰৰ বিপনীত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।অনলাইন ব্যৱসায়ৰ বাবে একাংশ ব্যৱসায়ী এতিয়া কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে।

এনে পৰিস্থিতিৰ মাজতে এইবাৰ নগাঁও জিলাত তিনি শতাধিক পূজা মণ্ডপত পুজা উদযাপিত হ'ব। তদুপৰি জিলাখনৰ ২৫ খনৰো অধিক চাহবাগিচাত উদযাপিত হ'ব দুৰ্গা পূজা।

অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হ'ব। দুৰ্গা পূজালৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত চহৰখনৰ সকলোবোৰ পুজা মণ্ডপ আটকধুনীয়াকৈ সজাই পৰাই তুলিছে।

নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০ বছৰৰ অধিক কাল অতিক্ৰম কৰিছে। এই দুই পূজা হ'ল চহৰখনৰ খ্ৰীষ্টানপট্টীৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৫ সংখ্যক দুৰ্গা পূজা আৰু উত্তৰ হয়বৰগাৱৰ বীণাপানী পূজা সমিতিৰ ১৫৫ সংখ্যক দুৰ্গা পূজা।

চহৰখনৰ বাঙ্গালী সন্মিলনীৰ উদ্যোগত ১৩১ সংখ্যক দুৰ্গা পূজা,আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৯ সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টি সাৰ্বজনীন দুৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৭ সংখ্যক দুৰ্গা পূজা, পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ১০৩সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ'ব।

আনহাতে হিন্দুস্হানপট্টি সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯৫ সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯২ সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৯২ সংখ্যক, এন এফ ৰে'লৱে পূজা সমিতিৰ ৮৪ সংখ্যক, ছামাদ্দাৰপট্টি সাৰ্বজনীন পূজা সমিতিৰ ৭৭সংখ্যক, হয়বৰগাঁও ৰে'লৱে সাৰ্বজনীন কালী মন্দিৰত ৭৬সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭২সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৭০সংখ্যক দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।

ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৫ সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৫ সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৩ সংখ্যক, চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৩ সংখ্যক, চীনাপট্টি ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬২ সংখ্যক, শ্ৰী কৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৫৯ সংখ্যক,পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৫৯সংখ্যক,শাস্ত্ৰী নগৰ পূজা সমিতিৰ ৫৮ সংখ্যক,ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৮ সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৭ সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৭ সংখ্যক দুৰ্গা পূজাৰো ব্যাপক প্ৰস্তুতি চলিছে।

শ্ৰীমন্ত শংকৰ মিশ্যন পথ আইটিআই দুৰ্গা পূজা নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান শনি মন্দিৰ পথ, খ্ৰীষ্টানপট্টী, লক্ষীনগৰ, মৰিকলং,পানীগাও ছয়আলি, লাওখোৱা ৰোড, তেলীয়াগাওঁ আদিতো দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ৩ লাখৰ পৰা ১৬ লাখ টকা পৰ্যন্ত পূজা সমিতিৰ বাজেট।

কেইবাখনো দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকাৰ্য, চমৎকাৰীতা, আলোকসজ্জা আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চহৰখনৰ অন্যতম পুৰণি দুৰ্গা পূজা শ্ৰীমন্ত শংকৰ মিশ্যন পথ আই টি আই পূজা সমিতিয়ে টাইটনিকৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে। নগাঁও বাঙ্গালী পূজা সমিতিয়ে নীল সাগৰৰ সেউজীয়া দৃশ্যৰ লগতে বিভিন্ন দৃশ্যমান বিষয়ৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টী পূজা সমিতিয়ে প্ৰকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে অসমীয়া সাজসজ্জাৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে। শনি মন্দিৰ পথ দুৰ্গা পূজা সমিতিয়ে ৫৩ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।

Also Read: মেঘালয়ৰ সৎসংগ নগৰত ডেৰ শতাধিক অসমীয়া পৰিয়ালৰ দুৰ্গোৎসৱ আয়োজন

দুৰ্গা পূজা