শিক্ষাবিদ -সাহিত্যিক ভাৰত চন্দ্ৰ নাথৰ বিয়োগ

শিক্ষাবিদ -সাহিত্যিক ভাৰত চন্দ্ৰ নাথৰ বিয়োগ
Published on
Updated on

ডিজিটেল সংবাদ ,নগাঁও : বিশিষ্ট শিক্ষাবিদ ,সাহিত্যিক তথা নগাঁও চহৰৰ লাওখোৱা ৰোড নিবাসী ভাৰত চন্দ্ৰ নাথ আৰু নাই। শনিবাৰে সন্ধিয়া ৭-৩০ বজাত শিক্ষাবিদগৰাকীৰ মৃত্যু হয়।

জানিব পৰা মতে নগাঁৱৰে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে নাথে। উল্লেখ্য যে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ২০১২ চনত অৱসৰ গ্ৰহণ কৰা নাথ শিক্ষাৰ্থীসকলৰ মাজত অতি জনপ্ৰিয় আছিল।

সংস্কৃতত ব্যুৎপত্তি থকা ভাৰত চন্দ্ৰ নাথে কেবাখনো মৌলিক গ্ৰন্থ ৰচনা কৰাৰ লগতে অসমীয়া ব্যাকৰণ আৰু ফঁকৰা যোজনা সম্পৰ্কীয় গ্ৰন্থ ৰচনা কৰিছিল। সদা হাস্যমুখৰ ভাৰত চন্দ্ৰ নাথ নগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে মৃত্যুৰ সময়লৈকে কাৰ্যনিৰ্বাহ কৰি আছিল। এগৰাকী বিজ্ঞান মনস্ক ব্যক্তি নাথৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

শিক্ষাবিদ -সাহিত্যিক ভাৰত চন্দ্ৰ নাথৰ বিয়োগ
সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা : যোৰহাট জিলাৰ শ্ৰেষ্ঠত্ব অৰ্জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in