ডিজিটেল সংবাদ, কামপুৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ জিলা সংস্কৃতি শাখা সমিতি আৰু শংকৰী সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত দহদিনীয়া গ্ৰীষ্মকালীন শংকৰী সংগীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে । কামপুৰ জিলা শাখাৰ নামঘৰত এই উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
শংকৰী সংগীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলসী মোহন বৰাৰ সভাপতিত্বত অনুষ্ঠিত শংকৰী সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন আৰু সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে অমৰজ্যোতি ভূঞাই । মুকলি সভাখনত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰা ,সম্পাদক দিগেন বৰা ,উপসভাপতি গোলাপ গোহাঁই ,সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি বৰুৱা ,সাহিত্য শাখাৰ সম্পাদক প্ৰদ্যুম্ন বৰা ,শিশু আই মাতৃ কল্যান সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বীণা বৰা , কামপুৰ জিলা শাখাৰ সভানেত্ৰী ধন্তিমণি ভূঞা ,সম্পাদিকা ৰুণু বৰাকে ধৰি জিলাৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে । দহদিনীয়া কৰ্মশালাত মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয়।
প্ৰশিক্ষাৰ্থীসকলক আৰু শিক্ষাগুৰুসকলক আজি জিলাৰ ফালৰ পৰা মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । লগতে অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে নৃত্য ,খোল বাদন ,থিয় নাম আদিৰে ভক্ত প্ৰাণ ৰাইজক আপ্লুত কৰি তোলে ।
Also Read: অসুস্থ জুবিন...