অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভা

অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভা

author-image
Asomiya Pratidin
New Update
অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভা

ডিজিটেল সংবাদ, বেবেজীয়া : অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভাখন নগাঁও জিলাৰ যোগী সন্মিলনীৰ ৰহাত নিৰ্মাণ কৰি থকা কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। নগাঁও জিলা যোগী সন্মিলনী আৰু ৰহা নাথ সমাজৰ মহিলা গোটৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ ৰাজ্যিক সভানেত্ৰী জেউতি দেৱীয়ে ।

প্ৰাদেশিকৰ ৰাজ্যিক সম্পাদিকা হেলেন দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত শংখ- ঘন্টা আয়তীৰ উৰুলিৰ মাজত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথে । পুৰোহিত দুলাল নাথৰ মঙ্গলাচৰণৰ পাছতে অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে মহিলা সন্মিলনীৰ উপদেষ্টা অনিমা দেৱ নাথে ।

সম্পাদিকা হেলেন নাথে প্ৰতিবেদন পাঠ কৰা সভাত বিভিন্ন গৰাকী বক্তাৰ ভাষণৰ পাছতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অহা ২৫ অক্টোবৰত প্ৰাদেশিক যোগী সন্মিলনীয়ে আহ্বান জনোৱা প্ৰতি জিলাৰ ধৰ্ণা কাৰ্যসূচীত মহিলা সন্মিলনীয়ে পূৰ্ণ সমৰ্থন দিয়াৰ লগতে মহিলাসকলক দলে-বলে যোগাদান কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

অহা দুই মাহৰ ভিতৰত যি বিলাক জিলাত প্ৰাদেশিকৰ জিলা অধিবেশন অনুষ্ঠিত হ'ব সেই সমূহ জিলাত একেলগে মহিলা সন্মিলনীৰ জিলা সমিতি গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণৰ লগতে প্ৰাদেশিকক এই ক্ষেত্ৰত জিলা সমূহক নিৰ্দেশনা দিবলৈও সভাই মত পোষণ কৰে । অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত নিৰ্বাচনত মহিলাৰ বাবে সংৰক্ষিত আসনত আগ্ৰহী যোগী সম্প্ৰদায়ৰ মহিলাক আগ বাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত ৰাজ্যিক সমিতিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

আগন্তুক "জলাহ " অধিবেশনত প্ৰকাশ পাবলগীয়া দ্বি- বাৰ্ষিক মাহিলী সন্মিলনীৰ মুখপত্ৰ " কদলী" প্ৰকাশৰ দ্বায়িত্ব সন্মিলনীৰ সভানেত্ৰীক দিয়া হয় আৰু' কদলীত' প্ৰকাশৰ বাবে প্ৰতিখন জিলাৰ পৰা গল্প,কবিতা,প্ৰৱন্ধ আদি অহা নবেম্বৰ মাহৰ ভিতৰত সভানেত্ৰী বা সাধাৰণ সম্পাদিকাৰ নামত পঠাবলৈ অনুৰোধ কৰাৰ লগতে জিলা সন্মিলনীৰ পৰা আৰ্থিক সাহাৰ্য দিব লাগিব বুলি মত প্ৰকাশ কৰে । অহা তিনি মাহৰ ভিতৰত নাথ- যোগীৰ স্বায়ত্ব শাসিত দাবী চৰকাৰে ব্যৱস্থা নকৰিলে নতুন দিল্লীত ধৰ্না কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰাদেশিক সন্মিলনীয়ে লোৱা প্ৰস্তাৱ পূৰ্ণ সমৰ্থন কৰি এই কাৰ্যসূচীত মহিলা সকলে অংশগ্ৰহণ কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

জলাহ অধিবেশনৰ আগতে প্ৰতি জিলাৰ পৰা পাঁচ শ টকাকৈ প্ৰাদেশিক সন্মিলনীক জমা দিবলৈ আহ্বান জনোৱাৰ লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাখনত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ হৈ কীৰ্তি নাথ , উদয় চন্দ্ৰ নাথ, ভদ্ৰকান্ত নাথ, ভূপেন চন্দ্ৰ নাথ,মহিলা যোগী সন্মিলনীৰ প্ৰাক্তন বিষয়ববীয়া চিত্ৰলেখা চৌধুৰী,মাইতু দেৱী , নগাঁও জিলা মহিলা সন্মিলনীৰ সভানেত্ৰী নিৰুপ্ৰভা দেৱী , সম্পাদিকা জয়া দেৱী , নগাঁও জিলা যোগী সন্মিলনীৰ সম্পাদক পুস্প্ৰেন্দ্ৰ নাথ , ৰহা নাথ- যোগী মহিলা সমাজৰ সভানেত্ৰী লাবন্য দেৱী আৰু সম্পাদিকা ডঃ নিৰলা দেৱীকে ধৰি ১০ খন জিলাৰ মহিলা প্ৰতিনিধি আৰু স্থানীয় যোগী মহিলাসকলে অংশগ্ৰহণ কৰে।

Also Read: তিয়াৰ বালিদোঙা নাৰয়ণপুৰত নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰী আটক

bebejiya