নগাঁও জিলা কোচ-ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচীৰ লগতে ৰাজনৈতিকভাৱে প্ৰতিশোধ লোৱাৰ হুংকাৰ
নগাঁও জিলা কোচ-ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলা কোচ-ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি নগাঁও সাহিত্য সভা ভৱনত শুকুৰবাৰে অনুষ্ঠিত হয়। নগাঁও জিলাৰ ১৫ খন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকসহ ২০০ গৰাকী সদস্যৰ উপস্থিতিত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে নগাঁও জিলা কোচ-ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাই।

সভাপতি বৰাই কয়- জনগোষ্ঠীটোত প্ৰতিখন চৰকাৰে কেৱল প্ৰবঞ্চনা কৰি আহিছে, বিশেষকৈ বিজেপি চৰকাৰে জনজাতিকৰণৰ বিপৰীতে জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ বাবে অহা ৭ ছেপ্তেম্বৰত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী হাতত লোৱা হৈছে। লগতে জনজাতিকৰণ নকৰাপৰ্যন্ত বীৰৰ দৰে যুঁজ দি জনজাতি মৰ্যাদা আজুৰি আনিবলৈ সকলো একত্ৰিত হৈছো। বুলি ভাষণ প্ৰদান কৰে।

সভাত নগাঁও জিলাৰ দুটা সমষ্টিত গৰিষ্ঠসংখ্যক কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক বসবাস কৰি আছে। সেই দুটা সমষ্টিত জনগোষ্ঠীয় লোকসকলে চৰকাৰক ৰাজনৈতিকভাৱে প্ৰতিশোধ লোৱাৰ হুংকাৰ দিয়ে। সম্পাদক জয়ন্ত হাজৰিকাই আগন্তুক ৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্য্যসূচীত সকলোকে পুৱা ১১-০০ বজাত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ’বলৈ আহ্বান জনায়। 

উক্ত সভাত ৰাজ্যিক সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, ৰাজ্যিক প্ৰাক্তন সভাপতি দিলীপ কুমাৰ বৰা, কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়া, উপসভাপতি পোনাধৰ বৰা, তৰুণ চন্দ্ৰ ডেকা, অৰবিন্দ ডেকা, কোষাধ্যক্ষ ৰন্টু কুমাৰ ভূঞা, শিক্ষাবিদ দীপ বৰা, সমাজকৰ্মী জগৎ বৰা, নিৰঞ্জন বৰা, প্ৰমোদ লস্কৰ আদি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

নগাঁও জিলা কোচ-ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতৰ ৰায়দান : স্বামীহন্তা পত্নীক যাৱজ্জীৱন কাৰাদণ্ডসহ ১০হাজাৰ টকাৰ জৰিমনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in