নগাঁৱত নকল ই-ষ্টাম্প পেপাৰৰ বেহা

নগাঁৱত নকল ই-ষ্টাম্প পেপাৰৰ বেহা
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও উকিল বাৰত বুধবাৰে সন্ধিয়া লাগিল হুৱা দুৱা ৷ চৰকাৰী অনুজ্ঞাপত্ৰ থকা ই-ষ্টাম্প পেপাৰ ভেন্দৰে নকল ই-ষ্টাম্প পেপাৰ বিক্ৰি কৰা এক ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কেৱল ইমানেই নহয় ভেণ্ডৰে প্ৰকৃত মূল্যতকৈ অধিক দাম ষ্টাম্প পেপাৰ বিক্ৰি কৰাৰো অভিযোগ উঠিছে ৷

নকল আৰু অধিক দৰত ই-ষ্টাম্প পেপাৰ বিক্ৰি কৰা ভেণ্ডৰ জনৰ নাম হৈছে বাহাৰুল ইছলাম ৷ ইছলামৰ নগাঁৱৰ শ্ৰীমন্ত শংৰকদেৱ সংঘৰ মুখ্য কাৰ্যালয় সংলগ্ন মাৰ্কেট কম্পেক্সত আছে এম এছ এন্টাৰপ্ৰাইচ নামৰ এটি প্ৰতিষ্ঠান ৷

এই প্ৰতিষ্ঠানটোতে এগৰাকী মহিলা অধিবক্তাক বিক্ৰি কৰা হৈছিল ১হাজাৰ টকাৰ ই- ষ্টাম্প পেপাৰ ৷ অভিযোগ মতে এই ষ্টাম্প পেপাৰখন নকল হোৱাৰ লগতে ১০০ টকা অতিৰিক্তভাৱে আদায় লৈছিল ৷

এই ঘটনা অধিবক্তাগৰাকীয়ে উকিল বাৰত অৱগত কৰা বাহাৰুল ইছলামক মাতি নিয়ে একাংশ অধিবক্তাই ৷ উকিল বাৰত বাহাৰুল ইছলামে এই ঘটনা স্বীকাৰ কৰা লগতে ভৱিষ্যতে এনে ঘটনা পুনৰ নকৰে বুলি ক্ষমা বিছাৰে ৷ পিছত বিষয়টো আৰক্ষী অবগত কৰিব বিছৰাৰ সময়তে বাহাৰুল ইছলামে পলায়ন কৰে ৷

নগাঁৱত নকল ই-ষ্টাম্প পেপাৰৰ বেহা
অমৃত কালত এখন দলং বিচাৰি সৰ্বস্বান্ত হোৱা গঞা নামিল হাতে কামে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in