ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সঞ্চালকক গ্ৰেপ্তাৰ

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সঞ্চালকক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : ভুৱা বিত্তীয় প্ৰতিষ্ঠান গঠন কৰি প্ৰৱঞ্চনাৰে বহু সংখ্যক লোকৰ পৰা ধন আত্মসাত কৰা এজন ব্যক্তিক শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে আজাদ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনৰ নাম আফতাৰ হুছেইন।

লোকজনৰ ঘৰ নগাঁও জিলাৰ জাজৰিত বুলি জানিব পৰা গৈছে। আফতাৰ হুছেইনে নগাঁও চহৰৰ ঢাকাইপট্টিত নৰ্থ ইষ্টাৰ্ণ ডেভলপমেন্ট নিধি লিমিটেড নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান গঠন কৰি প্ৰায় ৫শৰো অধিক লোকৰ বেংক একাউণ্ট খুলিছিল।

এই লোকসকলৰ পৰা দৈনিক জমাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল। পৰৱৰ্তী সময়ত বেংক একাউন্ট খোলা গ্ৰাহকসকলক নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিচতো ধন ঘূৰাই নিদি আত্মসাত কৰে।

ধৃত বিত্তীয় প্ৰতিষ্ঠানটোৰ সঞ্চালকজনে প্ৰৱঞ্চনাৰে ভুৱা বেংক একাউণ্ট খুলি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা অধিক লাভ দিয়াৰ প্ৰলোভন দেখুৱাই ধন সংগ্ৰহ কৰিছিল। গ্ৰাহকসকলে তেওঁলোকৰ প্ৰাপ্য ধন বিচাৰিলে প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰীজনে গ্ৰাহকসকলৰ ওপৰত ভুৱা গোচৰ জাপি দিব বুলিও ভাবুকি দিছিল।

বৰ্তমান জেৰা কৰি থকা আফতাৰক নগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰি ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে ৷ উল্লেখযোগ্য যে, নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাপট্টিত চলা ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ চাই বৰ্ডত ৰাইজক বিশ্বাস জন্মাবলৈ অশোক চক্ৰ ব্যৱহাৰ কৰিছিল।

ইপিনে, দুবছৰ পূৰ্বেও গুৱাহাটীত আমাৰ অসম বিকাশ নিধি লিমিটেড নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গুৱাহাটীৰ বহু লোকক প্ৰৱঞ্চনা কৰিছিল আফতাৰে।

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সঞ্চালকক গ্ৰেপ্তাৰ
ৰঙিয়াৰ ৰাধা-কৃষ্ণ মন্দিৰত ঝুলন যাত্ৰা মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in