ৰাইডঙীয়াত অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা...

ৰাইডঙীয়াত অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা...
ৰাইডঙীয়াত অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৮৫ নং ৰাইডঙীয়া এল পি স্কুলত আজি অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ ১৫ খন প্ৰাথমিক বিদ্যালয়ক সামৰি গঠন কৰা পশ্চিম ৰাইডঙীয়া শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বিদায় সম্বৰ্ধনা অনুষ্ঠানটিত উদেশ্য ব্যখ্যা কৰে পশ্চিম ৰাইডঙীয়া শিক্ষক কেন্দ্ৰৰ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই।

কেন্দ্ৰৰ প্ৰাক্তন সম্পাদক থৈ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে খাগৰিজান শিক্ষা খণ্ডৰ শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অৱসৰ গ্ৰহণ কৰা শিক্ষক ক্ৰমে গনেশ চন্দ্ৰ মুদৈ, ফুনু বালা বৰা, মুকুট চন্দ্ৰ বৰা, নিৰু বৰা, গোলোক বৰা, মঃ ফইজুল ইছলাম, হিতেশ্বৰী বৰা, বুধেন চন্দ্ৰ বৰা আৰু অৰুণা হাজৰিকাক প্ৰশস্তি পত্ৰ, শৰাই, চেলেং, গামোচা, কীৰ্ত্তন পুথিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত আইভেটি কেন্দ্ৰ সমন্বয়ক কেন্দ্ৰ পবিত্ৰ শইকীয়া, ৰাইডঙীয়া কেন্দ্ৰ সমন্বয়ক গোবিন ছন্দ্ৰ বৰা, শিক্ষক বাপধন মহন্তৰ লগতে অঞ্চলৰ ১৫ খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

ৰাইডঙীয়াত অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা...
অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in