বটদ্ৰৱাত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান...

বটদ্ৰৱাত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু বটদ্ৰৱা থানাৰ সহযোগত ২০২৩ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ, বৃহত্তৰ বটদ্ৰৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা, কৃতী ছাত্ৰ-ছাত্ৰী সকলক দেওবাৰে এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰণজিৎ মজুমদাৰে ।

অনুস্থানত উপস্থিত থাকি মুখ্য উপদেষ্টাগৰাকীয়ে নিজৰ দেশৰ লগতে জাতিৰ প্ৰতি এক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই সমাজখনক আগুৱাই নিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনাই । বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা, প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়।

ছাত্ৰ-ছাত্ৰীক ৰাজহুৱাভাৱে সন্মানিত কৰি, তেওঁলোকৰ ভৱিষ্যত শিক্ষা জীৱন উন্নতি কামনা কৰি, বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানত, নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়া, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা, ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ উপ সভাপতি মোহন বৰুৱা, আব্দুল কালাম, মফিজ উদ্দিন আহমেদ, পংকজ কলিতা, আবুল হুছেইনৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে।

ইফালে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ আলিটাঙনী সমিতিৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰী সকলক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে আজি আলিটাঙনী কমিউনিটি হলত এক অনুষ্ঠান অনুষ্ঠিত হয়। আলিটাঙনি আঞ্চলিক আমছুৰ সভাপতি আবু বক্কৰ ছিদ্দিক সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁৱৰ এফ জি আইৰ সঞ্চালক চিৰাজ উদ্দিনে, "আমাৰ ছাত্র-ছাত্ৰীসকলে কেনেকৈ এপিএছচি, ইউ পিএছচি কেনেকৈ পাব পাৰি বা অধ্যয়ন কৰিব লাগে তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানটিত বৃহত্তৰ আলিটাঙনী অঞ্চলৰ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । আমছুৰ জিলা সমিতিৰ সভাপতি নুৰ ইছলামে আঁত ধৰা অনুষ্ঠানটিত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুচাৰফ হুছেইন কবিৰ, জিলা উপ-সভাপতি আব্দুল ৰহিম, নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ ৰিয়াজ উদ্দিন আহমেদ, জেষ্ট শিক্ষক জহিৰুল ইছলাম আদি কৰি বহুজন মান গন্য মান্য ব্যক্তি উপস্থিত থাকে।

বটদ্ৰৱাত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান...
হেমকোষৰ বিশ্ব অভিলেখৰ বাবে গোলাঘাটত বিপুল সম্বৰ্ধনা জয়ন্ত বৰুৱাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in