জ্ঞান জ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা...

জ্ঞান জ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা...

author-image
Asomiya Pratidin
New Update
জ্ঞান জ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা...

ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, নগাঁওঃ জ্ঞান জ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শনিবাৰে সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা অনুষ্ঠান অনুস্থিত হয় । আজি নগাঁও জিলাৰ কচুৱাৰ জ্ঞানজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ২০২৩ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। দিনজোৰা কাৰ্যসূচী হাতত লৈ বিদ্যালয় খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে।

ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা
ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

শিক্ষক তথা অঞ্চলটোৰ সমাজকৰ্মী আব্দুল ৰহিমৰ সভাপতিত্বত অনুস্থিত সভাখনত উপস্থিত থাকে ৰহাৰ বিধায়ক শশী কান্তু দাস । সম্বৰ্ধনা অনুস্থানত উপস্থিত হৈ ছাত্ৰ -ছাত্ৰীক আৰ্শীবাদ আৰু শুভেচ্ছা জনাই ৰহা সমষ্টিৰ বিধায়ক জনে ।

বিধায়ক দাসে নিজা বিধায়ক পুঁজিৰ পৰা পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য আগবঢ়াই।ইফালে এই সভাতে নগাঁও জিলাৰ আমচুৰ সভাপতি আব্দুৰ নুৰ, নগাঁও জিলাৰ NSUY ৰ সাধাৰণ সম্পাদক ছাহিদুল ইছলাম, ৰহা সমষ্টিৰ AIUDFৰ সভাপতি জহুৰ আলি, কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছাইদুৰ ৰহমান আদি উপস্থিত থাকে ।

Also Read: ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি...

felicitation