পত্নীৰ নাম ব্যৱহাৰ কৰি সাৰ মাফিয়া বিভূতি ভূষণৰ ক’লা ব্যৱসায় : আগতীয়া জামিনৰ বাবে গোপনে আদালতত আৰ্জি

পত্নীৰ নাম ব্যৱহাৰ কৰি সাৰ মাফিয়া বিভূতি ভূষণৰ ক’লা ব্যৱসায় : আগতীয়া জামিনৰ বাবে গোপনে আদালতত আৰ্জি
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : পলাতক ইউৰিয়া সাৰ মাফিয়া জনৈক বিভূতি ভূষণ বৰা । বিগত ১৭দিনে পলাতক সাৰ মাফিয়া বৰা ।

নগাঁৱৰ পৰা মেঘালয়লৈ চোৰাংকৈ ইউৰিয়া সাৰ সৰবৰাহ কৰোতে ১০ জুলাইত জাগীৰোডত আৰক্ষীয়ে জব্দ কৰিছিল এন এল ০২ কিউ ৮০০৯ নম্বৰৰ ট্ৰাকখন। এই ট্ৰাকখনত আছিল ৪৫ কিলোগ্ৰাম ওজনৰ ৩০০ বেগ ইউৰিয়া সাৰ । লগে লগে আৰক্ষীয়ে গাড়ী চালকক গ্ৰেপ্তাৰ কৰি সোধাপোছা কৰাত নগাঁৱৰ সাৰ ব্যৱসায়ী বিভূতি ভূষণ বৰাৰ নাম উচ্চাৰণ কৰে ।

আৰক্ষীয়ে বিভূতি ভূষণ বৰাৰ সন্ধানত অভিযান চলোৱাৰ মাজতে তেওঁৰ পত্নী ৰঞ্জু মনি শইকীয়া বৰাকো বিচাৰি অভিযান আৰম্ভ কৰিছে । জানিব পৰা মতে খুচুৰা এম এছ বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ স্বতাধিকাৰী হৈছে ৰঞ্জু মনি শইকীয়া বৰা ।

মৰিগাঁৱৰ জাগীৰোড আৰক্ষীয়ে বিভূতি ভূষণ বৰাক বিচাৰি অভিযান চলাই থকাৰ সময়তে স্বতাধিকাৰী ৰঞ্জু মনিক গ্ৰেপ্তাৰ কৰিবলৈ জাল পেলাই ব্যৰ্থ হৈছে ।শেহতীয়াকৈ বিভূতি ভূষণ বৰাই ৰঞ্জু মনি শইকীয়া বৰাক লগত লৈ পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

ইফালে ইউৰীয়া সাৰৰ চোৰাং বেহাৰে নাম সাঙোৰ খোৱা বিভূতি ভূষণে আগতীয়া জামিনৰ কুচকাৱাজ চলোৱাৰ বাতৰি পোৱা গৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ বিভূতি ভূষণে আৰক্ষীৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

পত্নীৰ নাম ব্যৱহাৰ কৰি সাৰ মাফিয়া বিভূতি ভূষণৰ ক’লা ব্যৱসায় : আগতীয়া জামিনৰ বাবে গোপনে আদালতত আৰ্জি
ব্যৱসায়ীৰ উচ্ছেদিত সামগ্ৰীৰে ক'লা বেহা ঢকুৱাখনা পৌৰসভাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in