বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জুৰীয়া থানাত এজাহাৰ দাখিল...

বিতৰ্কিত মন্তব্যৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । শেহতীয়াকৈ বিধায়কগৰাকীৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ ।

author-image
Asomiya Pratidin
New Update
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জুৰীয়া থানাত এজাহাৰ দাখিল...

বিধায়ক ৰূপজ্যোতি কুৰ্মী

ডিজিটেল সংবাদ, নগাঁওঃ বিতৰ্কিত মন্তব্যৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । শেহতীয়াকৈ বিধায়কগৰাকীৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ ।

এজাহাৰ
এজাহাৰ

বিধায়কজনৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে সদৌ অসস সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকে। সংগঠনটোৱে এজাহাৰত উল্লেখ কৰা অনুসৰি, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঐতিহ্যপূৰ্ণ তাজমহল, কুতুবমিনাৰ ভাঙি মন্দিৰ বনোৱা হওক বুলি বিতৰ্কিত মন্তব্য কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে ।

যাৰ বাবে সংখ্যালঘু সংগঠনটোৱে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । সংখ্যালঘু নেতা গৰাকীয়ে বিধায়ক গৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও জনাইছে দাবী ।

Also Read: শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী

#rupjyotikuri fir