কচুৱাত নগাওঁ জিলাৰ কৰ্মচাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

কচুৱাত নগাওঁ জিলাৰ কৰ্মচাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
কচুৱাত নগাওঁ জিলাৰ কৰ্মচাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ,কামপুৰঃ "চৰকাৰে শিক্ষকসকলৰ সমস্যাসমূহ সমাধানত গুৰুত্ব দিয়া নাই।" এই অভিযোগ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক শ্যমন্ত বৰাৰ।দেওবাৰে কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত কচুৱাৰ মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত নগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ প্ৰথম খন কাৰ্যনিবাহক সভা অনুস্থিত হয়।

সভাত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ সম্পাদক শ্যমন্ত দাসে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাজ্যৰ কম্পিউটাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্যমন্ত দাসে মন্তব্য কৰে যে কৰ্মচাৰী পৰিষদে চৰকাৰে বাৰে বাৰে কৈ থকাৰ পিছত কম্পিউতাৰ শিক্ষকসকলৰ কিছু সংখ্যকৰ চাকৰি নিয়নীয়াকৰণ হ'ল যদিও কিছু সংখ্যকৰ আজিও নিয়মীয়াকৰণ হোৱা নাই।

উল্লেখ্য যে যিটো সময়ত সমগ্ৰ ভাৰতত ডিজিটেল ইণ্ডিয়াৰ সপোন ৰচা হৈছে, যিটো সময়ত কম্পিউটাৰ জ্ঞান নথকা ব্যক্তিক নিৰক্ষৰ বুলি কোৱা হৈছে আৰু যিটো সময়ত দেশত সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা প্ৰদান কৰি অহা হৈছে সেইটো সময়ত মাথো ৮,০০০ টকাৰ বিনিময়ত ৰাজ্যৰ ৫ শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়োজিত কম্পিউটাৰ শিক্ষকে বিগত ২০০৪ চনৰ পৰাই মানৱ সম্পদ গঢ়িবলৈ শ্রমদান কৰি আহিছে।

অকল শ্ৰেণীত কম্পিউটাৰ পাঠদানেই নহয় অন্যান্য বিষয়ত পাঠদান কৰাৰ উপৰিও বিদ্যালয়ৰ ভিন্ন কাম কাজৰ লগতে নিবাচনত দায়িত্ব উত্তৰ বহী নিৰীক্ষণৰ দায়িত্বকে ধৰি বিভিন্ন কাম কাজত জড়িত থাকিও উপযুক্ত পাৰিশ্ৰমিক তথা মৰ্যদা লাভ কৰিব পৰা নাই বুলি মন্তব্য কৰে।

লগতে উল্লেখ কৰে যে এইখন চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনক এই বিষয়তো আলোচনা বাবে সময় বিচৰা হৈছিল যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে সময় দিব নোৱাৰিলে।তেওঁ কয় যে ৪ জুনত কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে কি দৰে কাৰ্যপন্থা হাতত লৈ আগবাঢ়িব লাগিব তাৰ ওপৰত বিতঙভাৱে আলোচনা কৰা হ'ব বুলি শ্যমন্ত দাসে মন্তব্য কৰে।

তাৰোপৰি শিক্ষক সকলৰ বিনামূলী স্বাস্থ্য আঁচনি,প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিকে ধৰি কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছে যদিও চৰকাৰ খনে আওকান কৰি অহা বুলি মন্তুব্য কৰে । কম্পিউটাৰ শিক্ষকৰ সমস্যাৰ লগতে আন কেইটা সযস্যা সমাধানৰ দাবী কৰ্মচাৰী পৰিষদে কৰি আহিছে বুলিও শ্যমন্তু দাসে মন্তব্য কৰে।

তেওঁ কৰ্মচাৰীসকলৰ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেঞ্চন নীতি বাহাল ৰখা,কৰ্মচাৰীসকলৰ দাবীসমূহ তদন্তু কৰি পৰ্যায়ক্ৰমে সমাধান কৰাৰ দাবী জনায়।ইফালে আজি নগাওঁ জিলাৰ কাযনিৰ্বাহক সভাৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন আৰু ছাত্ৰ -ছাত্ৰীৰ মাজত প্ৰতিভা বিকাশমূলক প্ৰতিযোগিতা অনুস্থিত হয়।

নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সভাপতি যগেশ্বৰ ৰাজখোৱাৰ সভাপতিত্বত অনুস্থিঁত হোৱা সভাখনত উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান,উপদেষ্টা কাতিবৰ চেঙা,মিণ্টু শৰ্মা,নগাওঁ জিলাৰ উপদেষ্টা অতুল বৰা,মুকুল বৰা,কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰনল শইকীয়া ,সম্পাদক মতিউৰ ৰহমান আদি উপস্থিত থাকে।

Also Read: সাংস্কৃতিক কৰ্মী অপূৰ্ব বৰবৰাৰ মৃত্যু

executive meeting