নীপকোৱে এৰিছে ৬ খনকৈ গেটৰ পানীঃ কপিলীপৰীয়াক সাৱধান বাণী প্ৰশাসনৰ...

নীপকোৱে এৰিছে ৬ খনকৈ গেটৰ পানীঃ কপিলীপৰীয়াক সাৱধান বাণী প্ৰশাসনৰ...

author-image
Asomiya Pratidin
New Update
নীপকোৱে এৰিছে ৬ খনকৈ গেটৰ পানীঃ কপিলীপৰীয়াক সাৱধান বাণী প্ৰশাসনৰ...

নীপকোৱে এৰিছে ৬ খনকৈ গেটৰ পানীঃ কপিলীপৰীয়াক সাৱধান বাণী প্ৰশাসনৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যত বিগত দুটাকৈ দিন ঠায়ে ঠায়ে নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ৪ খন জিলা বানৰ কৱলত পৰাৰ লগতে বহু কেইখন নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ঠায়ে ঠায়ে বাৰিষাৰ প্ৰথমজাক বৰষুণতে চিঙিল মথাউৰি।

নলবাৰী, ধেমাজিত ভগ্ন মথাউৰিয়েদি পানী সোমাই জন জীৱন বিপৰ্যস্ত কৰি তুলিছে। ইফালে বিগত বছৰত কপিলীৰ বানে লৈছিল সংহাৰী ৰূপ। কপিলীৰ তাণ্ডৱৰ ফলতেই বহিঃ বিশ্বৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল কামপুৰকে ধৰি বিস্তীৰ্ণ অঞ্চল।

এইবাৰো কপিলীয়ে তেনে কাল ৰূপ ধৰাৰ আশংকাত ভূগিছে এতিয়া স্থানীয় ৰাইজ। কিয়নো নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ। ফলত ডিমা হাছাওৰ উমৰাংছত অৱস্থিত নীপকোৱে খুলি দিছে খানদং বান্ধৰ ৬ খনকৈ গেট।

ইফালে কপিলীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত স্থানীয় চক্ৰ বিষয়াই নৈপৰীয়া ৰাইজক সচেতন হৈ থাকিবলৈ মাইক যোগে আহ্বান জনাইছে। লোকসকলক সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনেও।

Also Read: কলিয়াবৰত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষঃ এজন লোক থিতাতে নিহত...

বানপানী কপিলী