ডিজিটেল সংবাদ নগাঁও: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসা ব্যয় অভাৱনীয় ভাবে বৃদ্ধি কৰা কাৰ্যৰ জৰিয়তে অসম চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰা বুলি মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী গীৰিন্দ্ৰ কুমাৰ বৰুৱাই।
বৰুৱাই সাংবাদিকৰ আগত এই সন্দৰ্ভত কয়- বৰ্তমান এজন ব্যক্তিৰ দৈনন্দিন জীৱন যাপনৰ বাবে যি পৰিমানৰ টকাৰ প্ৰয়োজন হয়,তাতোকৈ বহু অধিক টকাৰ প্ৰয়োজন হয় এজন ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত। যিহেতু চিকিৎসা সম্পৰ্কীয় সকলো বস্তুৰে মূল্য ইতিমধ্যে ব্যাপক হাৰত বৃদ্ধি পাইছে। তাৰ পিছতো চৰকাৰে ৰক্ত পৰীক্ষাৰ মাচুল বৃদ্ধি কৰি ৰোগীসকলৰ মূৰত মাধমাৰ সোধাবলৈ বিচাৰিছে।
তেওঁ কয় বিজেপিৰ মাগদৰ্শক,জনসাধাৰণৰ প্ৰিয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে চিকিৎসাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত বিনামূলীয়া চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। সেই একে আদৰ্শৰ চৰকাৰে আজি বিপৰীত মেৰুত অৱস্থান লোৱাটো দুৰ্ভাগ্যজনক।
অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তত সফল হ'লে অসমৰ নতুনকৈ জিলাই জিলাই স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয় সমূহতো একে নীতি গ্ৰহণৰো সম্ভাৱনা থকা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ চৰকাৰে ৰোগীসকলক লৈ আৰম্ভ কৰিব বিচৰা এই ব্যৱসায় বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷
Also Read: ধেমাজিত অৰুণাচলৰ সুৰাৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ...