নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন...

ডিজিটেল ক্ষেত্ৰখনত শিক্ষাৰ্থী সকলে সাৱধানতাৰে খোজ দিয়া উচিত ড০ কাশ্যপ
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন...
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নবাগত আদৰণি সভা আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে। আজি পুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ আহোমে পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে।

মহাবিদ্যালয়ৰ চৌহদত থকা গোপীনাথ দেৱ গোস্বামী,কমল চন্দ্ৰ গোস্বামী আৰু ৰত্নকান্ত বৰাৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াই। ইয়াৰ পিছতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে অবসৰপ্ৰাপ্ত অধ্যাপক ড০ জেহিৰুল ইছলাম পাঠানে। লগতে অনুষ্ঠিত হয় ন -পুৰণি ছাত্র -ছাত্ৰী সন্মিলন।

দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। অধ্যক্ষ ড০ মৃগাংক শইকীয়াই সভাপতিত্ব কৰা আৰু আদৰণি ভাষণ প্ৰদান কৰা সভাত বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথ্য নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক ড০ সুশান্ত কুমাৰ কাশ্যপে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ -ছাত্ৰীসকলক উদ্দেশ্যি এক মননশীল বক্তৃতা প্ৰদান কৰে।

ভাষণ প্ৰসঙ্গত ড০ কাশ্যপে ডিজিটেল মাধ্যমৰ বিভিন্ন দিশ অতি সাৱলীল ভাবে উল্লেখ কৰি কয়- সম্প্ৰতি ডিজিটেল মাধ্যমে ব্যাপক প্ৰসাৰতা লাভ কৰিছে। ডিজিটেল ক্ষেত্ৰখনত শিক্ষাৰ্থী সকলে সাৱধানতাৰে খোজ দিয়া উচিত বুলি মন্তব্য কৰি ড০ কাশ্যপে কয় যে, সাৱধানতাৰে খোজ দিলেহে শিক্ষাৰ্থীসকল সফলতাৰ দিশত আগুৱাই যাব পাৰিব।

তেওঁ লগতে শিক্ষাৰ্থীসকলক অধ্যয়নৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুণধৰ গগৈ আদিয়ে অংশগ্ৰহণ কৰে। সভাত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো শ্ৰেষ্ঠ স্নাতক বঁটা আৰু এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা শ্ৰেষ্ঠ পুথিভঁৰাল ব্যৱহাৰকাৰী বটা প্ৰদান কৰা হয়।

সভাৰ আঁতধৰে অধ্যাপিকা ড০ জোনালী শৰ্মাই। সন্ধিয়া ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ চৌহদত ৪১ গছি বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে অবসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰিয়ম্বদা শইকীয়া বৰা আৰু কৰ্মচাৰী ললিত চন্দ্ৰ নাথে।কাইলৈ দিনৰ ১১ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন...
কাজিৰঙাত অসম দক্ষতা বিকাশ অভিযানৰ যুটীয়া প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in