নগাঁৱত একে পৰিয়ালৰ চাৰি সদস্যক হত্যাঃ দুদিনৰ পাছত আছিল বিবাহ অনুষ্ঠান

নগাওঁ জিলাৰ ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে দুৰ্বৃত্তই অতি নৃশংসভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিলে। কিন্তু কিয় আৰু কোনে এই হত্যা কাণ্ড সংঘটিত কৰিলে সেই বিষয়ে কোনো কথা জানিব পৰা মতে।

author-image
Asomiya Pratidin
New Update
পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ

নগাঁৱত একে পৰিয়ালৰ চাৰি সদস্যক হত্যাঃ দুদিনৰ পাছত আছিল বিবাহ অনুষ্ঠান

ডিজিটেল ডেস্কঃ নগাওঁ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড। একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক আজি হত্যা কৰিলে দুৰ্বৃত্তই। 

জিলাখনৰ ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে দুৰ্বৃত্তই অতি নৃশংসভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিলে। কিন্তু কিয় আৰু কোনে এই হত্যা কাণ্ড সংঘটিত কৰিলে সেই বিষয়ে কোনো কথা জানিব পৰা মতে।

প্ৰাপ্ত খবৰ মতে গড়াজানৰ এটা পৰিয়ালৰ চাৰিজনকৈ সদস্যক দুৰ্বৃত্তৰ দলে বাসগৃহতে চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে। এই লোমহৰ্ষক হত্যাকাণ্ডৰ খবৰ পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাস্থলীত প্ৰথমে স্থানীয় আৰক্ষী আৰু পাছত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰো আগমণ ঘটিছে। জানিব পৰা মতে হত্যাৰ বলি হোৱা লোক কেইজন হৈছে সাক্ষী সৰকাৰ, সুৰধনী সৰকাৰ, সনুধৰ সৰকাৰ আৰু সুৰধৰ চৰকাৰ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল দুদিনৰ এই পৰিয়ালটোৰ ঘৰত আছিল বিবাহ অনুষ্ঠান। সেয়ে স্থানীয় লোকে এয়া এক ডকাইতিৰ ঘটনা হব পাৰে বুলিও সন্দেহ কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ অন্তত হে এই বিষয়ে স্পষ্ট হব।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাৰ তদন্ত চি আই ডিয়ে কৰিব বুলি ঘোষণা কৰিছে।

 

হত্যাকাণ্ড অপৰাধ ৰূপহীহাট