নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যোগত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ...

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যোগত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা: কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত বিগত দুই দশকজুৰি পশুপালক ৰাইজৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈ আহিছে। বিগত বৰ্ষৰ দৰে এইবেলিও দুখীয়া পশুপালকৰ জীৱ জন্তৰ সাহায্যৰ্থে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান খণ্ড পশু চিকিৎসালয় সহযোগত বৃহস্পতিবাৰে কাছমাৰী গাঁৱত এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়।

প্ৰায় ৪০০টা গৰু-ছাগলী, হাঁহ-কুকুৰাক এই শিবিৰটোৰ জৰিয়তে বিভিন্ন ধৰণৰ চিকিৎসা প্ৰদান আৰু পশুপালকসকলক স্বাস্থ্যজনিত পৰামৰ্শ আগবঢ়োৱা হয়। শিবিৰত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁওৰ মুৰব্বী ড০ নিৰঞ্জন ডেকাই পশুপালক সকলক নিয়মীয়াকৈ বিভিন্ন ৰোগৰ প্ৰতিষেধকসমূহ দিয়াবলৈ অনুৰোধ জনায়।

অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়ীক ভিত্তিত পশু পক্ষীৰ পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিবিৰটোত খণ্ড পশু চিকিৎসা বিষয়া ডা০ মুস্তাফা আহমেদ উপস্থিত থাকি যথাযোগ্য সহায় আগবঢ়ায়।

অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাাঁৱৰ সামুহিক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, কাৰ্য্যসূচী সহায়ক (মীন) ৰূূপ কুমাৰ টায়ে, ষ্টেনোগ্ৰাফাৰ জুৰি খাউন্ড, কৰ্মচাৰী ৰবীন বৰা, ৰাজনীশ সেন, ৰাজ্যিক পশুচিকিৎসালয়ৰ কৰ্মচাৰীবৃন্দ, পশুসখী, জীৱিকাসখী আৰু কৃষিসখী আৰু কাছমাৰী গাঁৱৰ শতাধিক ৰাইজ উপস্থিত থাকে।

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যোগত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ...
বাংলাদেশতো নিষিদ্ধ হ'ল জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ সংগঠন...  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in