নগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও লায়ন্চ ক্লাবৰ ফালৰপৰা বুধবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈকে লায়ন্চ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছিল। উক্ত শিবিৰত লাইফ কেয়াৰ মেডিকেলৰ স্বত্বাধিকাৰী শ্ৰীযুতা আৰতি চক্ৰৱৰ্তী, লগতে অভিজ্ঞ ডাক্তৰ প্ৰবীণ বৰুৱা, ডা:নিশিগন্ধা কটকী য়ে আজিৰ সজাগতা শিবিৰৰ দায়িত্ব সহকাৰে পালন কৰে।

আৰতি চক্ৰৱৰ্তী ৰ লগতে তেখেতৰ লগত সহকৰ্মী শিখামনি দেৱী, সুদীপ দাসে সুচাৰুৰূপে কেইবাগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰে। আজিৰ এই অনুষ্ঠানত নগাঁও লায়ন্চ ক্লাবৰ সভাপতি ৰূপ ৰঞ্জন দাস, সম্পাদিকা মনিকা সাহা কোষাধ্যক্ষ গুৰুচৰন সিং, বিশ্বজিৎ মহন্ত, প্ৰলয় সাহা, মহৰ্ষি বৰদলৈ,ড:জোনালী শৰ্মা হাজৰিকা , বিনোদ হাজৰিকা,হৰদৰ্শন সিং,অজয় মিট্টল সহ কেইবাজনো লায়ন্চ ক্লাবৰ সদস্য উপস্থিত আছিল।

Also Read: বাসুগাঁৱত বিপিএফৰ জিলা বেঙ্গলী কোষৰ কাৰ্যকৰী সভা