বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা, ২৯ আগষ্ট: নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠানটি বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱজিৎ মহন্তই। মহাবিদ্যা তৰ্পন কৰে অধ্যাপিকা হেময়ন্তী ডেকাই।

পাছত অধ্যাপিকা প্ৰণামীকা গোস্বামীয়ে আঁত ধৰা কাৰ্যসূচীত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ পাছত আকৰ্ষষণীয় কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই। ১.৩০ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে অধ্যক্ষ দেৱজিৎ মহন্তই। অধ্যাপক শ্বৰিফুল ইছলামে আঁত ধৰা সভাত মুুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ বসন্ত বৰাই "হে নতুন স্বাগতম, নতুন দিনৰ তৰুণ তৰুণী" শীৰ্ষক স্বৰচিত গীতেৰে আৰম্ভণি কৰি কেইবাটাও গীত-মাতেৰে ছাত্ৰ ছাত্ৰী সকলক আপ্লুত কৰে।

পাছত প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই “নিজৰ ঐতিহ্য, সমাজ-সংস্কৃতিৰ বিষয়ে জনা ছাত্ৰ-ছাত্ৰীহে সমাজৰ ধৰণী হ’ব পাৰে। কেৱল মেধা হ’লেই নহ’ব। সমাজখনক জানিব লাগিব” বুলি ভাষণ প্ৰদান কৰে। অধ্যাপিকা ডঃ প্ৰাঞ্জলী মহন্তই বৰগীত পৰিৱেশন কৰা সভাত আন এগৰাকী অতিথি তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুজিত কুমাৰ শৰ্মায়ো সকলো ছাত্ৰ ছাত্ৰীক মানুহ হবলৈ আহ্বান জনাই।

ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি অধ্যাপিকা লিপিকা আফৰুজৰ পৰিকল্পনা আৰু ব্যবস্থাপনাৰে নিৰ্মিত প্ৰাচীৰ পত্ৰিকা 'অংকুৰ'ৰ শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ বীনা কলিতাই। শুকুৰবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত ১১ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু নিমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা
কাজিৰঙাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in