নগাঁৱত গান্ধী জয়ন্তী উদযাপন

নগাঁৱত গান্ধী জয়ন্তী উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : সমগ্র দেশৰ লগতে আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্মদিনটো নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদযাপন কৰা হয় । এই উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰাৰ লগতে আন্তৰ্জাতিক অহিংসা দিৱসৰ শপত বাক্য পাঠ কৰোৱা হয়।

খাগৰিজান মহাবিদ্যালয়, নগাঁৱৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীসকলে জিলা আয়ুক্ত কাৰ্যালয়ত এই উপলক্ষে স্বচ্ছতাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, শৌভিক ভূঞা, অতিৰিক্ত জিলা আয়ুক্ত , ৰমেশ নাথ, অধ্যক্ষ, খাগৰিজান মহাবিদ্যালয়, মাইনুল হক আকন্দ, প্ৰবক্তা, খাগৰিজান মহাবিদ্যালয়ৰ লগতে আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

ইয়াৰোপৰি জিলাখনৰ সকলো চৰকাৰী কাৰ্য্যলয়ত বিষয়া- কৰ্মচাৰীসকলে আন্তৰ্জাতিক অহিংসা দিৱসৰ শপত বাক্য গ্ৰহণ কৰে ।

নগাঁৱত গান্ধী জয়ন্তী উদযাপন
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অহিংসা দিন পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in