উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

৫০ খন পতাকা উত্তোলন, ন-পুৰণি গুৰু-শিষ্যৰ মহামিলন, মুকলি সভা, সাংস্কৃতিক সন্ধিয়া সম্পন্ন
উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱা: নগাঁও জিলাৰ সোণাইপৰীয়া অঞ্চল ৰাইডঙীয়া কৰচুঙত ১৯৭৪ চনত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। তদুপলক্ষে আজি পুৱাৰে পৰা শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-আভিভাবিকা, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, অতিথিসকলৰ উপস্থিতিত উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।

সোণালী জয়ন্তী বৰ্ষ আৰম্ভণি অনুষ্ঠানৰ আজি পুৱা উষা কীৰ্তনেৰে আৰম্ভ কৰে ভবেন বৰাই। পাছত ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই। সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি নৱকমল ৰাজাই। বন্তি প্ৰজ্বলন কৰে ভবেন বৰাই আৰু স্মৃতি তৰ্পন কৰে প্ৰয়াত উদয় চন্দ্ৰ শইকীয়াৰ জীয়ৰী স্বৰ্ণলতা শইকীয়া বৰুৱাই।

পাছত ১২ বজাত ন-পুৰণি গুৰু শিষ্যৰ মহামিলন অনুষ্ঠান আৰম্ভ হয়। ৰূপহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভদ্ৰকান্ত বৰাই উদ্বোধন কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নৱকমল ৰাজাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে সোণাই নৈৰ পাৰৰ ৰাইডঙীয়া অঞ্চলৰ ঐতিহ্যৰ বিশ্লেষণ কৰে। মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, নগাঁও মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা হাজৰিকা, প্ৰাক্তন ছাত্ৰী তথা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ড০ চয়নিকা বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক মুনীন্দ্ৰ শইকীয়া, বিশিষ্ট লেখিকা কল্পনা গায়নে গুৰু শিষ্যৰ সম্পৰ্কৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰিপুঞ্জয় শইকীয়া, সমাজকৰ্মী ধীৰ সিং পাটৰ, ৰোহিনী বৰা, কিৰণ হাজৰিকা, প্ৰবীণ কলিতা, নৱ কুমাৰ বৰা, গনেশ মুদৈ, ৰিন্টু গোস্বামী, শিক্ষক প্ৰমোদ বৰা, শিক্ষক সঞ্জয় বৰা, দিপান্বিতা গোস্বামীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। বিয়লি মুকলি সভা আৰু নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হৈ বিধায়ক গৰাকীয়ে অঞ্চলটো সংস্কৃতিবান হোৱাৰ উপৰিও শিক্ষা ক্ষেত্ৰতো আগবঢ়াৰ হেতু শলাগ লয়। তেওঁ যি মহান উদ্দেশ্য লৈ এই শিক্ষানুষ্ঠানটি গঢ়িছিল সেই উদ্দেশ্যে সফল হ'ব লাগিব বুলিও ভাষণ প্ৰসংগত কয়।

উদয় চন্দ্ৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
বিহপুৰীয়াৰ ৰাজবাৰীত 'ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয়'ৰ শুভ উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in