ডিজিটেল সংবাদ,নগাঁও : শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা ২৫ হাজাৰ টকাৰ চেক ৰাস সমিতিসমূহে পোৱাটো নিশ্চিত কৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ সমিতিসমূহৰ হাতত সাহাৰ্য্যৰ চেক তুলি দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
সোমবাৰে নগাঁও জিলাৰ জুৰীয়া আৰু ধিঙ অঞ্চলৰ ৰাসৰ সমিতিসমূহক নিজ নিজ স্থানতে চেক প্ৰদান কৰা হয় ৷ কলিয়াবৰ বিজেপিৰ সভাপতি বাবুল বৰা আৰু সমাজ সেৱক সুৰেশ বৰাই জুৰীয়া অঞ্চলৰ ৫খন ৰাস সমিতি আৰু ধিঙ অঞ্চলৰ ৫খন ৰাস সমিতিক চেক প্ৰদান কৰে ৷ উল্লেখ্য যে উদ্যোক্তাসকলে চেক লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে ৷
Also Read: পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী-প্ৰীতি কংকনা