নগাঁৱৰ ১৯০ খন ৰাস সমিতিক চৰকাৰৰ আৰ্থিক অৰিহণাৰ চেক বিতৰণ

গুৰুজনাৰ পৰম্পৰাৰে ৰাস উদযাপনৰ বাবে আহ্বান বিধায়ক ৰূপক শৰ্মাৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ১৯০ খন ৰাস সমিতিক চৰকাৰৰ আৰ্থিক অৰিহণাৰ চেক বিতৰণ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন কৰা ১৯০ খন ৰাস সমিতিক অসম চৰকাৰে আগবঢ়োৱা এককালীন আৰ্থিক অৰিহণাৰ চেক প্ৰদান কৰা হয়। এই উপলক্ষে দেওবাৰে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ ৰাস সমিতিসমূহক আৰ্থিক অৰিহণাৰ চেক বিতৰণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

অনুষ্ঠানত বিধায়ক শৰ্মাই কয় যে,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই নিজস্ব চিন্তাৰে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ কেইবা হেজাৰ ৰাস সমিতিলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিহুৱেই হওক বা সত্ৰীয়া সংস্কৃতিয়েই হওক অথবা সনাতন কৃষ্টি- সংস্কৃতি আগবঢ়াই নিয়াত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

আনহাতে এক অনন্য বৈশিষ্ট্যতাৰে গুৰুজনাই সৃষ্টি কৰি যোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাত এক ভক্তি আৰু প্ৰেম নিহিত হৈ থকা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰি গুৰুজনাৰ সৃষ্টি ,ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি শ্ৰীকৃষ্ণৰ ৰাস উদযাপনৰ আহ্বান জনায়। আনহাতে কোনো কোনো ৰাসলীলাত দেখা পোৱাৰ দৰে ৰাসত বাদ্য হিচাপে বেণ্ড পাৰ্টি ব্যৱহাৰ কৰাটো উচিত নহয় বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ গুৰুজনাৰ পৰম্পৰাৰে ৰাস উদযাপনৰ আহ্বান জনায় । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে বটদ্ৰৱা থানা পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।

সত্ৰাধিকাৰ মহন্তই বটদ্ৰৱা থানৰ উন্নয়নৰ লগতে সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰত মুখ্যমন্ত্রী ড:০ শর্মাই গ্ৰহণ কৰা উদ্যোগৰ শলাগ লোৱাৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ কাম-কাজৰ প্ৰশংসা কৰে। সত্ৰাধিকাৰগৰাকীয়ে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাসলীলা হৈছে ভক্তি তত্বৰ প্ৰেম ৰস।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে অসমৰ জাতীয়, আধ্যাত্মিক,ধৰ্মীয় কৃষ্টি সংস্কৃতিৰ প্ৰসাৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অতুলনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে। নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে অসমৰ শ্ৰীকৃষ্ণ ৰাসলীলা উত্তৰ-পূৱ ভাৰতৰ অন্যতম আধ্যাত্মিক উংসৱ বুলি মন্তব্য কৰে।

চেক বিতৰণ অনুষ্ঠানত নগাঁও বিজেপিৰ সভাপতি অভিজিত নাথ, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ,উপ পৌৰপতি সীমান্ত বৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু বিভিন্ন ৰাস সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। উক্ত অনুষ্ঠানতে শিল্পীৰ এটি দলে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে।

উল্লেখ্য যে চেক বিতৰণ অনুষ্ঠানত নগাঁও,বটদ্ৰৱা,পাখিমৰীয়াকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অহা ১৯০ খন শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপন সমিতিৰ প্ৰত্যককে চৰকাৰে আগবঢ়োৱা ২৫ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয়।

Also Read: আপৰ প্রতিষ্ঠা দিৱস পালন : শক্তিশালী আৰু বিকশিত অসমৰ স্বার্থত কাম কৰি যোৱাৰ সংকল্প

RUPAK SARMA Raakh Mahotsav