মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

author-image
Asomiya Pratidin
New Update
মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী ভেৰভেৰীৰ গোঁসাইগাঁৱস্থিত বিশ্বৰ সৰ্ব্বোচ্চ লিঙ্গাকাৰ শ্ৰীশ্ৰী মহামৃত্যুঞ্জয় মন্দিৰত বৃহস্পতিবাৰে ব্যক্তিগত ভ্ৰমণসূচী লৈ উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ আজি বিয়লি ১:৩০ বজাত ৰাজ্যপালগৰাকী মন্দিৰত উপস্থিত হয়।

উপস্থিত হোৱাৰ পিচতে মন্দিৰৰ কৰ্মকৰ্তাসকলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল ৰাজ্যপালগৰাকীৰ আগমনক লৈ ব্যস্ত হৈ পৰে ৷ মৃত্যুঞ্জয় বেদ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙ্গলাচৰণ শ্লোকেৰে ৰাজ্যপালগৰাকীক আদৰণী জনায়।

ইয়াৰ পিচতে ৰাজ্যপালগৰাকী মন্দিৰত প্ৰৱেশ কৰি নিজৰ লগতে বিশ্ব শান্তিৰ বাবে পূজা-অৰ্চনা কৰে। ৰাজ্যপালগৰাকী মৃত্যুঞ্জয় মন্দিৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱালৈ ৰাওনা হয় ৷

Also Read: নলবাৰী কাণ্ড : ঘগ্রাপাৰ থানাৰ OC বিমান ৰয়ক নিলম্বন

Golab Chand Kataria