নগাঁৱত উন্নয়নৰ খতিয়ান ল'লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই...

নগাঁৱত উন্নয়নৰ খতিয়ান ল'লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মঙলবাৰে বিয়লি নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৷ নগাঁও ভ্ৰমণৰ সময়ত উপাযুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ডিডিচি সত্যজিৎ চেতিয়া, জিলা পৰিষদৰ চিইঅ’ অনন্ত কুমাৰ গগৈৰ লগতে সকলো বিভাগৰ শীৰ্ষ বিষয়াৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাখনো ফ্লেগশ্বিপ আঁচনি ৰূপায়ণৰ বুজ লয় ৰাজ্যপালগৰাকীয়ে।

ৰাজ্যপাল কাটাৰিয়াই জে জে এম, পি এম এ ৱাই-জি, অমৃত সৰোবৰ, স্বচ্ছ ভাৰত অভিযান, শিক্ষা, স্বাস্থ্য, কৃষি আদি সকলো আঁচনিৰ বিশদ পৰ্যালোচনা কৰে। শিক্ষা বিভাগৰ কথা লক্ষ্য কৰি ৰাজ্যপালে শিক্ষক ছাত্ৰৰ অনুপাত বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে, আৰু বিভিন্ন বিদ্যালয় বিশেষকৈ চাহ বাগিচা অঞ্চলত কাম কৰা আদৰ্শ বিদ্যালয়সমূহত ড্ৰপ আউটৰ বিষয়টোক অধিক গুৰুত্ব দিয়াৰ দিবলৈ কয় ।

লগতে চাহ বাগিচা অঞ্চলত নিৰ্মাণ হৈ থকা আদৰ্শ বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তাৰ বুজ লয়। জিলাখনৰ বাগিচা অভিযানৰ বুজ লয় ৰাজ্যপালগৰাকীয়ে। শিক্ষানুষ্ঠানসমূহত অধিক গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কামত জড়িত কৰা উচিত বুলিও মন্তব্য প্ৰদান কৰে কাটাৰীয়াই। ৰাজ্যপালগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা অমৃত সৰোৱৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়েও সোধা-পোছা কৰে। তেওঁ জিলা উপায়ুক্তৰ পৰা কাৰ্যসূচীৰ সবিশেষ লৈ এই প্ৰকল্পসমূহে কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ জীৱনত কেনেদৰে ইতিবাচক পৰিৱৰ্তন আনিছে তাৰ বিস্তৃত বিৱৰণ বিচাৰে।

ৰাজ্যপালগৰাকীয়ে বৈঠকৰ সময়ত বাল্যবিবাহ ৰোধ কৰাৰ লগতে নিচামুক্তি ভাৰত অভিযানৰ সফলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলক সতৰ্কতা বজাই ৰাখিবলৈ কয়। তদুপৰি ৰাজ্যৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যৰে চলি থকা অভিযানৰ আপদেট বিচাৰি ৰাজ্যপালগৰাকীয়ে টি বি মুক্ত অভিযানৰ অগ্ৰগতিৰ বিষয়ে সোধা-পোছা কৰে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, ৰহাৰ বিধায়ক শশী কান্ত দাসকে ধৰি নাগৰিক সংস্থাসমূহৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতেও বাৰ্তালাপ কৰে ৰাজ্যপালগৰাকীয়ে।

আনহাতে ৰাজ্যপালগৰাকীয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তকে ধৰি নিৰাপত্তা সংস্থা সমূহৰ সৈতে বৈঠকত মিলিত হৈ জিলাখনৰ আইন-শৃংখলাৰ বুজ লয়। লগতে জিলাখনৰ বিভিন্ন ফ্লেগশ্বিপ আঁচনিৰ হিতাধিকাৰীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে।

নগাঁৱত উন্নয়নৰ খতিয়ান ল'লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই...
অভিলেখৰ শীৰ্ষত শ্ৰী ৰঘুপতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in