নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা...

নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা...

ডিজিটেল সংবাদ, বেবেজীযাঃ ২৭ মে'ৰ পৰা ৩০মে'লৈ সূত্ৰধাৰ আৰু জন-সংস্কৃতি স্কুল অৱ ড্ৰামা (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ যৌথ উদ্যোগত নগাঁৱত গ্ৰীক নাটকৰ ওপৰত চাৰিদিনীয়া কৰ্মশালা সফলতাৰে সমাপন কৰা হয়৷ এই কৰ্মশালাখনি অনুষ্ঠিত হয় পৰিৱেশ্য কলা প্ৰশিক্ষণৰ প্ৰতিষ্ঠান সূত্ৰধাৰ চৌহদত৷

পেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ অংশগ্ৰহণকাৰীসকলৰ নাট্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল৷ এই উপলক্ষে কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে পশ্চিম বংগৰ পৰা অহা জন সংস্কৃতি নাট্য বিদ্যালয়ৰ সঞ্চালক ড॰ সঞ্জয় গাংগুলী উপস্থিত থাকে৷ গোটেই কৰ্মশালাটি পৰিচালনা কৰে জন সংস্কৃতি নাট্য বিদ্যালয় (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ সঞ্চালক মূচ্চৰ্না মহন্ত আৰু সূত্ৰধাৰৰ সঞ্চালক গৌৰৱ কুমাৰ হাজৰিকাই৷

কৰ্মশালাৰ সময়ছোৱাত ৫৫জন অংশগ্ৰহণকাৰীয়ে গ্ৰীক নাট্যৰ উপাদান, গ্ৰীক নাট্যৰ ইতিহাস, শাৰিৰীক অংগ সঞ্চালন, বিভিন্ন নাটকীয় কাৰ্যকলাপ আৰু শিক্ষাত নাটকৰ ব্যৱহাৰৰ বিষয়ে অভিজ্ঞতা লাভ কৰে৷ কৰ্মশালাৰ শেষত ৩০মে’ত এ ডি পি কলেজৰ সহযোগত একক আন্তঃৰাষ্ট্ৰীয় বক্তৃতা কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে এ ডি পি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সদানন্দ পায়েং, ড॰ চিত্তৰঞ্জন নাথৰ লগতে অন্যান্য অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু বহু সু-পৰিচিত নাট্য কৰ্মী উপস্থিত থাকে৷

বক্তৃতা কাৰ্যসূচীৰ পিছত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ বিশিষ্ট অতিথিসকলক সূত্ৰধাৰ চৌহদত অসম আৰু উত্তৰ-পূবৰ সংস্কৃতি প্ৰতিফলিত এক সাংস্কৃতিক সন্ধিয়া সূত্ৰধাৰৰ উদীয়মান শিল্পীসকলে উপহাৰ দিয়ে৷ অসমৰ যুৱ আৰু প্ৰতিভাৱান শিল্পীৰ সৈতে কাম কৰাটো এক বৃহৎ অভিজ্ঞতা হোৱাৰ কথা ক্ৰীষ্টিনা জ’নিউৱে নিজৰ অভিজ্ঞতাত প্ৰকাশ কৰে৷ তেওঁ ভৱিষ্যতে কিছু সহযোগিতামূলক কলাত্মক কাম কৰিবলৈ আগ্ৰহী৷ ড॰ সঞ্জয় গাংগুলীয়ে কয় যে অসমৰ সাংস্কৃতিক পৰিচয় অতি শক্তিশালী৷ মহান শ্ৰীমন্ত শংকৰদেৱৰ অৱদানত তেওঁ সঁচাকৈয়ে আপ্লুত৷ কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে গ্ৰীক নাট্য প্ৰডাকচন সৃষ্টি কৰাৰ লগতে গ্ৰীচত প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে নিকোছ গ’ভাছে৷

Also Read: ধেমাজি চমৰাজানত ৰে'লে মুণ্ড কটা এজন লোকৰ মৃতদেহ উদ্ধাৰ

nagaon