ডিজিটেল সংবাদ,নগাঁও দেওবাৰে নগাঁৱৰ ফৌজদাৰীপট্টীস্থ নগাঁও কলা মন্দিৰত বিশিষ্ট লেখক,সাংবাদিক গুৰমাইল সিঙৰ গৱেষণালব্ধ গ্ৰন্থ "অদম্য শিখ" উন্মোচন কৰা হয়। সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ইতিহাসবিদ তথা গৱেষক ড. ৰাজেন শইকীয়াই।
গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ড. শইকীয়াই এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ পাঠকৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে ভূয়সী প্ৰশংসা কৰি কয় যে, মানুহৰ মনস্বত্ব ঠিক কৰে ভূগোল আৰু ইতিহাসে। গুৰু নানকৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিদৰে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল, ঠিক সেইদৰে শিখ জাতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে।
শিখ সকলৰ জীৱন সংগ্ৰাম আমাৰ মানুহে জনাটো আৱশ্যক বুলি উল্লেখ কৰি কয় যে শিখ সকলৰ কৃষকৰ সন্মান বেছি। ভাৰতৰ শিখ সকলে বিভিন্ন খাদ্য সামগ্ৰী উৎপাদন কৰি ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰি আহিছে। স্বাধীনতা আন্দোলনত শিখ সকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ কথা উল্লেখ কৰি ড :শইকীয়াই ধৰ্মক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিলে সমাজত অশান্তি বৃদ্ধি হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। গ্ৰন্থখনৰ জৰিয়তে শিখ সকলৰ বিষয়ে জনাৰ বাবে আগ্ৰহী সকল উপকৃত হব।
দেশ বিভাজনৰ সময়ত শিখ সকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল।অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ, অধ্যাপক ড :অৱনী কুমাৰ ভাগৱতীয়ে কয় যে অতিশয় পৰিশ্ৰমী হোৱাৰ বাবেই সংখ্যাত তাকৰ শিখ সকলে আজি কেৱল ভাৰততে নহয় সমগ্ৰ পৃথিৱীতে নিজৰ সল উপস্থিতি সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে নানা জাতি উপজাতিয়ে বসতি কৰা অসমখন প্ৰাকৃতিক সম্পদত চহকী।এই অসমতে অসমৰ বায়ু ,পানী সেৱন কৰি অসমীয়া শিখ সকলে সমন্বয়ৰ এক উজ্জ্বল চানেকি ডাঙি ধৰিছে।তেওঁ লগতে কয় ধৰ্ম সৃষ্টি হয় ভৌগোলিক পৰিস্থিতিৰ মাজত।
ধৰ্মই কেতিয়াও সংঘাত নঘটাই।ধৰ্মই ধৰ্মৰ মাজত সমন্বয় ঘটাই বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো ধৰ্মই প্ৰকৃতিক শ্ৰদ্ধা কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি উচ্চ পদস্থ আৰক্ষী বিষয়া তথা সাহিত্যিক ড :নন্দ সিং বৰকলাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰি কয় যে ব্ৰজাৱলী ভাষাৰ যোগেদি গুৰুজনাই অসমীয়া ভাষাক শ্ৰেষ্ঠতা প্ৰকাশ কৰিছিল। ভাৰতীয় দৰ্শনতো মানৱতাক শ্ৰেষ্ঠ স্থান দিয়া হৈছে।
গুৰুমাইল সিঙৰ এই গ্ৰন্থখনে অসমীয়া পাঠক সমাজক উপকৃত কৰিব।অনুষ্ঠানত সভাপতিত্ব কৰি প্ৰাক্তন সাংসদ তথা সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ সভাপতি কুমাৰ দীপক দাসে কয় যে গুৰমাইল সিঙৰ এই গ্ৰন্থখনে শিখ সকলৰ বিষয়ে জানিবলৈ নতুন প্ৰজন্মই অনুপ্ৰেৰণা লাভ কৰিব।গৌৰাংগ বৰাই আতধৰা অনুষ্ঠানত লিখক সিঙে গ্ৰন্থখনৰ বিষয়ে এক সম্যক ধাৰণা ডাঙি ধৰে।
অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা ,শিক্ষাবিদ ড :শৰৎ বৰকটকী ড :কমল শইকীয়া ,কৃষ্ণ দুলাল বৰুৱা , গল্পকাৰ শিৱানন্দ কাকতি, ড:সোমনাথ বৰা, কবি ডা: প্ৰয়াগ শইকীয়া , অধ্যক্ষ ড :কুলেন দাস ,সমাজকৰ্মী দেৱেন্দ্ৰ সিং ,হৰভজন সিং আদি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে অমৃতাক কৌৰে গীত পৰিবেশন কৰে।